সঠিক সময়লৈ অপেক্ষা ! অসমলৈ আহি আছে কনৰাড চাংমাৰ এন পি পি...

দ্য কনক্লেভত কনৰাড চাংমাৰ ঘোষণা

author-image
Asomiya Pratidin
New Update
সঠিক সময়লৈ অপেক্ষা ! অসমলৈ আহি আছে কনৰাড চাংমাৰ এন পি পি...

সঠিক সময়লৈ অপেক্ষা ! অসমলৈ আহি আছে কনৰাড চাংমাৰ এন পি পি...

ডিজিটেল ডেস্কঃ দেশৰ দ্বিতীয় চন্দ্ৰবাবু নাইডু হ'বলৈ আগবাঢ়িছে নেকি মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা? মেঘালয়ত ক্ষমতাত থকা এন পি পিৰ অৰুণাচল আৰু নাগালেণ্ডত আছে ৫ জনকৈ বিধায়ক আৰু মণিপুৰত আছে ৭ জন বিধায়ক। যিসময়ত অঞ্চলটোৰ বহু আঞ্চলিক ৰাজনৈতিক দলে এসময়ত ইতিহাস গঢ়ি এতিয়া নিজেই ইতিহাস হ'বলৈ আগবাঢ়িছে তেনে সময়ত এন পি পিৰ এনে উত্থানৰ ৰহস্য কি? উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ শক্তি হৈ পৰা এন পি পি সফলতাৰ আঁৰৰ কাৰণ কি?

Advertisment

দ্য কনক্লেভত প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ সঞ্চালক ঋষি বৰুৱাৰ এনে প্ৰশ্নৰ উত্তৰত চাংমাই বহু কেইটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। তেওঁ কয়, ৰাজনীতিত কৌশল বেছি গুৰুত্বপূৰ্ণ নহয়। গুৰুত্বপূৰ্ণ হৈছে প্ৰতিশ্ৰুতি, নেতাৰ ত্যাগ আৰু কষ্ট। বহু দলৰে নিজা চিন্তা, লক্ষ্য, বৈশিষ্ট আছে। সেইবোৰ এটা সময়ত স্তব্ধ হৈ পৰে।

বৰ্তমান বিধায়কৰ অহা-যোৱা, দলীয় কৰ্মীৰ এৰা-ধৰা আদি অনেক সমস্যা, প্ৰত্যাহ্বানৰ সময়ত ৰাজনীতিত উত্থান, পতন হৈছে। এনে সময়ত নেতাই, দলে কেনেধৰণৰ প্ৰতিশ্ৰুতি দেখুৱাইছে তাৰ ওপৰত বহু কথা নিৰ্ভৰ কৰে।

চাংমাই কয়, প্ৰয়াত পিতৃ পি এ চাংমাই সেই প্ৰতিশ্ৰুতি দেখুৱাইছিল। মই তেওঁৰ পৰা সেইবোৰ শিকিছো। যিয়েই প্ৰত্যাহ্বান নাহক কিয় আমি আমাৰ কাম কৰি যাম। আমাৰ কামক লৈ আমি দায়বদ্ধ।

তেওঁ পুনৰ কয়, চন্দ্ৰবাবু নাইডু দেশৰ ৰাজনীতিৰ এগৰাকী ডাঙৰ নেতা। তেওঁৰ প্ৰতি মোৰ যথেষ্ট সন্মান আছে। অন্ধ্ৰপ্ৰদেশলৈ, হায়দৰাবাদলৈ তেওঁ যি পৰিবৰ্তন আনিলে, তেওঁৰ যি লক্ষ্য লৈছে সেয়া সঁচাকৈয়ে স্বীকাৰ কৰিবলগীয়া। তেওঁৰ সৈতে মোৰ দৰে এজনক তুলনা কৰা বিষয়টো যথোচিত নহয়।

মেঘালয়ত চৰকাৰ গঠন কৰাৰ উপৰিও মণিপুৰ, অৰুণাচল আৰু নাগালেণ্ডতো প্ৰৱেশ কৰা এন পি পিয়ে অসমত সক্ৰিয় ভাৱে ৰাজনৈতিক কামকাজ কেতিয়া আৰম্ভ কৰিব? এই প্ৰশ্নত তেওঁ কয়, অসম উত্তৰ পূবৰ এখন বহু ডাঙৰ ৰাজ্য। বহু বিষয় ইয়াৰ সৈতে জড়িত হৈ আছে। অসমত দলীয় কাম কৰিবলৈ বাবে এক সঠিক পৰিকল্পনা লাগিব। মই এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী। দলে যোৱা ৬/৭ বছৰত বহু উন্নতি কৰিছে। এয়া ইমান সহজ নহয়।

তেওঁ কয়, ৰাজনীতিত সময় অতি গুৰুত্বপূৰ্ণ। উদাহৰণ হিচাপে, মণিপুৰলৈ লক্ষ্য কৰিব পাৰে। ২০১৭ ত তেতিয়া আমি ৪ জন বিধায়ক পাইছিলো। সেইবাৰ ইউ পি এৰ প্ৰায় ২৮ জন, এন ডি এৰ ২৮ জন বিধায়ক আছিল আৰু এন পি পিৰ ৪ জন বিধায়ক আছিল। সেই সময়ত এন পি পি যাৰ কাষলৈ যাবলৈ বিচাৰে তেওঁলোকেই চৰকাৰ গঠন কৰিব পৰা এক পৰিবেশৰ সৃষ্টি হৈছিল। সেয়ে আমি সঠিক সময়লৈ অপেক্ষা কৰিছো।

Also Read: 'নেডা ব্যৰ্থ হৈছে, সঠিক দিশত আগবাঢ়িব পৰা নাই'- কনৰাড চাংমাৰ ৰাজনৈতিক বিস্ফোৰণ

কনৰাড চাংমা দ্য় কনক্লেভ এন পি পি