/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-06/9cp3p95t/218.jpg)
ডিজিটেল ডেস্ক : উত্তৰ- পূবৰ বিভিন্ন সমস্যা, গাঁথা-বেথা সামৰি দুদিনীয়া কাৰ্যসূচীৰে নতুন দিল্লীত আয়োজন কৰা হৈছে সাদিন- প্ৰতিদিন গোষ্ঠীৰ দ্য কনক্লেভ ২০২৪। ৫ অক্টোবৰ ২০২৪ শনিবাৰৰ পৰা দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত হৈছে সাদিন- প্ৰতিদিন গোষ্ঠীৰ 'দ্য কনক্লেভ ২০২৪'। এই আলোচনাচক্ৰত উত্তৰ –পূবৰ বিভিন্ন সমস্যাৰ বিষয়ে বস্তুনিষ্ঠ আলোচনা কৰা হৈছে।
৬ অক্টোবৰ দেওবাৰে দ্য কনক্লেভ ২০২৪ৰ দ্বিতীয় দিন। আজিৰ পুৱা ৯-৪৫ বজাৰ পৰা আৰম্ভ হ’ব দ্য কনক্লেভ ২০২৪ৰ দ্বিতীয় দিনৰ আলোচনাচক্ৰ। প্ৰথমখন আলোচনা সত্ৰত ভাগ ল’ব দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লোনা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-06/uv6l4sql/7659e884-fbc1-406b-9e67-e6209aa167e0.jpg)
দিনৰ ১১-৩০ বজাত অনুষ্ঠিত হ'ব ক্ৰীড়া বিষয়ক এক আলোচনা চক্ৰ। এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁই, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ আৰু অৰ্জুন মাডাথিল ৰামচন্দ্ৰনে।
একেদৰে ১২-৩০ বজাত বৰ্তমান ভাৰতৰ গণতান্ত্ৰিক আৰু সংবাদ মাধ্যমৰ ভূমিকা সন্দৰ্ভত এক আলোচনাত অংশগ্ৰহণ কৰিব ৰাজনৈতিক কৰ্মী তথা স্বৰাজ ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক যুগেন্দ্ৰ যাদৱ, 4PM News ৰ সম্পাদক সঞ্জয় শৰ্মা, পেট্ৰিচিয়া মুখিম আৰু কৰ্মা পাজৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-06/ki0fqykl/62a4359d-7fe1-4494-92ff-73887068549d.jpg)
আনহাতে ৩-১৫ বজাত ৰাজনৈতিক এক বিষয়ত আলোচনাত বহিব দিলীপ শইকীয়া, প্ৰমোদ বড়ো, অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈ। ৪-৩০ বজাত অন্তিমখন আলোচনা হ'ব সাংস্কৃতিক বিষয়ত।
উক্ত আলোচনাত অংশগ্ৰহণ কৰিব জয় বৰুৱা, ডমিনিক ছাংমা আৰু উৎপল বৰপূজাৰী। ৬ বজাত অনুষ্ঠিত হ'ব জয় বৰুৱা আৰু তেওঁৰ বেণ্ডৰ সাংস্কৃতিক অনুষ্ঠান।