মংগলবাৰে মংগলজনক হ'ল শ্বেয়াৰ বজাৰঃ ছেঞ্চেক্স, নিফটিৰ নতুন ৰেকৰ্ড...

মংগলবাৰে মংগলজনক হ'ল শ্বেয়াৰ বজাৰঃ 
ছেঞ্চেক্স, নিফটিৰ নতুন ৰেকৰ্ড...
মংগলবাৰে মংগলজনক হ'ল শ্বেয়াৰ বজাৰঃ ছেঞ্চেক্স, নিফটিৰ নতুন ৰেকৰ্ড...
Published on
Updated on

ডিজিটেল ডেস্কঃ মঙ্গলবাৰে মংগলজনক বিবেচিত হ'ল ভাৰতীয় শ্বেয়াৰ বজাৰ। পুনৰ এবাৰ বম্বে ষ্টক এক্সেঞ্জৰ ছেঞ্চেক্স আৰু নেচনেল ষ্টক এক্সেঞ্জৰ নিফটিয়ে সকলো ৰেকৰ্ড ভংগ কৰে। প্ৰথমবাৰৰ বাবে ছেঞ্চেক্সে ৭৮০০০ অতিক্ৰম কৰাৰ বিপৰীতে নিফটয়ে ৰেকৰ্ড কৰি ২৩৭৫৪ সীমা স্পৰ্শ কৰিবলৈ সক্ষম হয়।এই সময়ছোৱাত ১০ টা ষ্টকে শ্বেয়াৰ বজাৰত ধুমুহাৰ গতিৰে সমৰ্থন লাভ কৰিলে।

সপ্তাহৰ দ্বিতিয়টো ব্যৱসায়িক দিনত সেউজীয়া চিহ্নৰে শ্বেয়াৰ বজাৰ আৰম্ভ হয়। বজাৰৰ অন্তিম ঘণ্টাত বম্বে ষ্টক এক্সেঞ্জত ধুমুহাৰ গতিৰে উত্থান পৰিলক্ষিত হয় আৰু ৭৫০ পইণ্টৰ পৰা ৭৮০০০ ৰ স্তৰ অতিক্ৰম কৰিবলৈ সক্ষম হয়। দিনটোৰ ব্যৱসায়ৰ অন্তত ছেঞ্চেক্সে সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰি সৰ্বোচ্ছ ৭৮,১৬৪.৭১ পইন্ত স্পৰ্শ কৰেগৈ।

ছেঞ্চেক্সৰ দৰেই নেচনেল ষ্টক এক্সেঞ্জৰ নিফটি সূচকো ধুমুহাৰ গতিৰে বৃদ্ধি হৈ সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰে। পুৱা ৯-১৫ বজাত ২৩,৫৭৭.১০ পৰ্যায়ত আৰম্ভ হোৱা বজাৰ মাজতে ২০০ পইণ্ট অতিক্ৰম কৰি ২৩,৭৫৪.১৫ পৰ্যায় স্পৰ্শ কৰে যদিও বজাৰৰ অন্তত ১৮৩.৪৫ পইণ্ট লাভেৰে ২৩,৭২১.৩০ স্তৰত বজাৰ সামৰণি কৰে।

মঙ্গলবাৰে বজাৰত যি ১০ টা কোম্পানীয়ে ধুমুহাৰ সৃষ্টি কৰিলে সেইকেইটাৰ ভিতৰত এক্সিক্স বেংক,  আই চি আই চি আই বেংক, এইছ ডি এফ চি বেংক আছিল অন্যতম। এই বেংকিং ষ্টক কেইটাৰ ভিতৰত এক্সিক্স বেংকৰ শ্বেয়াৰ ৩.৪০ শতাংশ বৃদ্ধি হৈ ১২৬৯.৯০ টকা, আই চি আই চি আই বেংকৰ শ্বেয়াৰ ২.৪৮ বৃদ্ধি হৈ ১১৯৯.০৫ টকা, এইছ ডি এফ চি বেংকৰ শ্বেয়াৰ ২.৩২ শতাংশ বৃদ্ধি হৈ ১৭১০.৯০ টকাত বন্ধ হয়।

মিড-কেপ কোম্পানীবোৰৰ ষ্টকৰ ভিতৰত,ৰামদেৱৰ কোম্পানী পতঞ্জলি শ্বেয়াৰ ৫.০১ শতাংশ বৃদ্ধি হৈ ১৫২৯.৯০ টকা হয়গৈ। সেইদৰেই  শ্ৰী ৰাম ফাইনেন্সৰ শ্বেয়াৰ ৩.৯০ শতাংশ,  নাম-ইণ্ডিয়াৰ শ্বেয়াৰ ৩.০৫ শতাংশ বৃদ্ধি হয়। স্মলকেপ কোম্পানীবোৰৰ ভিতৰত সৰ্বাধিক এ আৰ ই এণ্ড এমৰ শ্বেয়াৰত ১৯.৪০ শতাংশ বৃদ্ধি পায়। ইয়াৰ বাহিৰেও, পিজিআইএলৰ শ্বেয়াৰ ১৫.৮০ শতাংশ, ক্ৰাফ্টমেন শ্বেয়াৰ ১৫.৮০ শতাংশ আৰু জি আৰ এছৰ শ্বেয়াৰ ১১.১৪ শতাংশ বৃদ্ধি হয়।

মংগলবাৰে মংগলজনক হ'ল শ্বেয়াৰ বজাৰঃ 
ছেঞ্চেক্স, নিফটিৰ নতুন ৰেকৰ্ড...
এজাক বৰষুণতে জলমগ্ন বৰপথাৰ নগৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in