ৰাজ্যিক বাজেটৰ কেৱল ৫৬.৩৪% পুঁজিহে ব্যয় ডিচেম্বৰ মাহলৈ...

author-image
Asomiya Pratidin
New Update
ৰাজ্যিক বাজেটৰ কেৱল ৫৬.৩৪% পুঁজিহে ব্যয় ডিচেম্বৰ মাহলৈ...

ডিজিটেল ডেস্ক : প্ৰতিটো বিত্তীয় বৰ্ষৰ বাজেট ধাৰ্য পুঁজি ব্যয়ৰ প্ৰক্ৰিয়াটো ফেব্ৰুৱাৰী মাহৰ ভিতৰতে সম্পূৰ্ণ কৰাৰ কথা ঘোষণা কৰা চৰকাৰে বিগত বৰ্ষৰ ডিচেম্বৰ মাহলৈ ৰাজ্যিক বাজেটৰ কেৱল ৫৬.৩৪% হে ব্যয় কৰিবলৈ সক্ষম হোৱা কথা পোহৰলৈ আহিছে শেহতীয়াকৈ । চৰকাৰী বিভাগসমূহে বিত্তীয় বৰ্ষটোৰ শেষলৈ ৰৈ থাকি মাৰ্চৰ শেষভাগত জধেমধে বাজেটৰ পুঁজি অপব্যয় কৰাৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত বিধানসভাৰ মজিয়াত খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অপব্যৱহাৰ ৰোধ কৰা হ'ব বুলি ঘোষণা কৰিছিল ।

Advertisment

কিন্তু সেই প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনে মাৰ্চৰ শেষলৈ তিনি মাহ বাকী থকা অৱস্থাত ডিচেম্বৰলৈ বাজেটৰ কেৱল ৫৬.৩৪% হে ব্যয় কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, তথ্য অনুসৰি চলিত বিত্তীয় বৰ্ষৰ বাজেটত অসমৰ বাবে ধাৰ্য কৰা হৈছিল প্ৰায় ১ লাখ ২৯ হেজাৰ ৪৬০ কোটি টকা । কিন্তু তাৰ বিপৰীতে ৰাজ্য চৰকাৰে ডিচেম্বৰ মাহলৈ কেৱল ৭২ হেজাৰ ৯৩৬ কোটি টকাহে ব্যয় কৰিবলৈ সক্ষম হয় ।

আনহাতে, প্ৰত্যেকটো বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰৰ ৰাজহ ব্যয় বৃদ্ধি হোৱাৰ বিপৰীতে মূলধনী ব্যয় হ্ৰাস পোৱাক লৈ কেগে গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে ৰাজ্যখনৰ উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে বাৰাম্বাৰ পৰামৰ্শ দিছিল কেগে । তাৰ পিচতো কিন্তু চৰকাৰখনে গুৰুত্ব আৰোপ নকৰিলে সেই কথাত ।

ইফালে চৰকাৰৰ অভ্যন্তৰত দেখা দিয়া তীব্ৰ আৰ্থিক সংকটৰ বাবে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ কোনোমতে চলিত বিত্তীয় বৰ্ষত বৃহৎ অংকৰ পুঁজি ব্যয় লক্ষ্য ল'লেও আজিপৰ্যন্ত দুই এটা বিভাগৰ বাহিৰে অধিকাংশ বিভাগেই প্ৰয়োজনীয় পুঁজি লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে ।

আৰু পঢ়ক : নানাৰঙীন ফুলৰ মাজতে জীৱিকাৰ সন্ধান কাজিৰঙাৰ জ্যোতিষ্মান বৰাৰ

HIMANATA BISWA SARMA state budget