নানাৰঙীন ফুলৰ মাজতে জীৱিকাৰ সন্ধান কাজিৰঙাৰ জ্যোতিষ্মান বৰাৰ

নানাৰঙীন ফুলৰ মাজতে জীৱিকাৰ সন্ধান কাজিৰঙাৰ জ্যোতিষ্মান বৰাৰ

ডিজিটেল সংবাদ, কাজিৰঙা : কৃষিভূমিত হালধীয়া, ৰঙা, গুলপীয়া, শুভ্ৰ ৰঙৰ প্ৰয়োভৰ ৷ নানা ৰঙৰ সমাহৰেৰে জিলিকি উঠিছে কাজিৰঙাৰ শিলজুৰীৰ এখন খেতিপথাৰ ৷ এই ৰঙীন ফুলৰ মাজতে জীৱিকাৰ সন্ধান কাজিৰঙাৰ জ্যোতিষ্মান বৰা নামৰ এজন উদ্যোগী যুৱকৰ ৷

অৱশ্যে দেখাত ধুনীয়া হ’লেও সৌন্দৰ্য বৰ্ধনৰ বাবে নহয় এই বিশেষ প্ৰজাতিৰ ফুল। প্ৰায় ৯০ বিঘা ভূমিত কৰা কেলেন্দোলা আৰু কেমোমাইন প্ৰজাতিৰ ফুলবোৰৰ আছে ঔষধি গুণ ৷ কীটনাশকৰ লগতে ছালৰ ৰোগ নিৰাময়ৰ ঔষধ প্ৰস্তুত কৰণত ব্যৱহাৰ হোৱা এই ফুলবোৰৰ ছাহিদা আছে বহিৰাজ্যৰ লগতে বিদেশত ৷

গতিকে ঔষধ প্ৰস্তুত কৰা কোম্পানীৰ লগত হোৱা বুজাবুজিৰ চুক্তি মৰ্মে ফুলবোৰ প্ৰেৰণ কৰা হ’ব দিল্লীলৈ ৷ বোকাখাতৰ কৃষি বিভাগৰ সহযোগিতাত জ্যোতিষ্মানে আৰম্ভ কৰা ফুলৰ খেতিত ইতিমধ্যে নিয়োজিত হৈছে প্ৰায় ৪০ গৰাকী নিবনুৱা যুৱক যুৱতী ৷ যোৱা নৱেম্বৰ মাহত প্ৰথম আৰম্ভ কৰা ফুলৰ খেতিত আশাপ্ৰদ উত্তৰণত আনন্দিত জ্যোতিষ্মানে দেখিছে সফলতাৰ ৰেঙণি ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in