Advertisment

১ অক্টোবৰৰ পৰা দেশৰ অৰ্থনীতিত নতুন নিয়মঃ অচল হ’ব ২ হেজাৰ টকীয়া নোট...

১ অক্টোবৰৰ পৰা দেশৰ অৰ্থনীতিত নতুন নিয়মঃ অচল হ’ব ২ হেজাৰ টকীয়া নোট...

author-image
Asomiya Pratidin
New Update
১ অক্টোবৰৰ পৰা দেশৰ অৰ্থনীতিত নতুন নিয়মঃ অচল হ’ব ২ হেজাৰ টকীয়া নোট...

ডিজিটেল ডেস্কঃ দেশৰ অৰ্থনৈতিক ক্ষেত্ৰত অহা ১ অক্টোবৰৰ পৰা হ’ব কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন। ১ অক্টোবৰৰ পৰা দেশৰ অৰ্থনীতিত কাৰ্যকৰী হ’ব বহুতো নতুন নিয়ম।

Advertisment

২০২৩ চনৰ ১ অক্টোবৰৰ পৰা ২০ শতাংশ উৎস কৰ সংগ্ৰহ(টিচিএছ)ৰ নতুন নিয়ম কাৰ্যকৰী হ’ব। এই নিয়ম অনুসৰি কেৱল বিদেশ ভ্ৰমণৰ ক্ষেত্ৰতে নহয় অন্য দেশৰ সৈতে কৰা যিকোনো প্ৰকাৰৰ লেনদেনৰ বাবেই কৰ আদায় কৰিব লাগিব জনতাই। আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ পৰিকল্পনা কৰা, বিদেশত বিদেশী ষ্টক, মিউচুৱেল ফাণ্ড, ক্ৰিপ্টোকাৰেন্সীত বিনিয়োগ কৰা বা বিদেশত উচ্চ শিক্ষা গ্ৰহণ কৰা যিকোনো ব্যক্তিৰ বাবে এই পৰিৱৰ্তনসমূহ হ’ব গুৰুত্বপূৰ্ণ।

চিক্যোৰিটি এণ্ড এক্সেঞ্জ ব'ৰ্ড অৱ ইণ্ডিয়াই  ট্ৰেডিং একাউণ্ট, ডিমেট একাউণ্ট আৰু মিউচুৱেল ফাণ্ড বিনিয়োগকাৰীসকলে ৩০ ছেপ্টেম্বৰৰ ভিতৰত মনোনয়ন দিয়াটো বাধ্যতামূলক কৰিছে।  যিসকলে ৩০ ছেপ্টেম্বৰৰ ভিতৰত মনোনয়ন দাখিল নকৰিব তেওঁলোকৰ একাউণ্ট ১ অক্টোবৰত ফ্ৰীজ কৰি দিয়া হ’ব।

যিসকল ব্যক্তিয়ে ৰাজহুৱা ভৱিষ্যদ্বাণী পুঁজি (পিপিএফ), জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি (এছচিএছএছ), ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ (এনপিএছ)ৰ দৰে ক্ষুদ্ৰ সঞ্চয় আঁচনিত বিনিয়োগ কৰিছে তেওঁলোকে বাধ্যতামূলকভাৱে ৩০ ছেপ্টেম্বৰৰ ভিতৰত পান কাৰ্ড আৰু আধাৰ কাৰ্ড জমা দিব লাগিব।  চৰকাৰী অধিসূচনা অনুসৰি তেনে নকৰিলে ১ অক্টোবৰৰ পৰা একাউণ্টসমূহ নিলম্বিত হোৱাৰ সম্ভাৱনা আছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ মতে, 'জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন (সংশোধনী) আইন ২০২৩' ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব।  এই সংশোধিত আইনখন কাৰ্যকৰী হোৱাৰ লগে লগে বহু গুৰুত্বপূৰ্ণ কামত জন্মৰ প্ৰমাণপত্ৰ একক নথি হিচাপে ব্যৱহাৰ কৰা হ’ব।  যেনে, শিক্ষানুষ্ঠানত নামভৰ্তি,  ড্ৰাইভিং লাইচেন্স, ভোটাৰ তালিকা প্ৰস্তুত, আধাৰ নম্বৰ, বিবাহ পঞ্জীয়ন আৰু চৰকাৰী চাকৰিত নিযুক্তিৰ বাবে ইয়াক একক নথি হিচাপে ব্যৱহাৰ কৰা হ’ব।

১ অক্টোবৰৰ পৰা দেশত অচল হৈ পৰিব ২০০০ টকীয়া নোট। ১ অক্টোবৰৰ পূৰ্বেই ২০০০ টকীয়া নোটসমূহ বিনিময় কৰাৰ বাবে আহ্বান জনাইছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। ২০২৩ চনৰ ৩০ ছেপ্টেম্বৰ তাৰিখে ২০০০ টকীয়া নোট বিনিময়ৰ অন্তিম দিন ধাৰ্য কৰা হৈছে।

Also Read: বহিঃৰাজ্যত অসমীয়াৰ ৰহস্যজনক মৃত্যু: ধনৰ অভাৱত উভতাই আনিব পৰা নাই মৃতদেহ...

Indian Economy