বহিঃৰাজ্যত অসমীয়াৰ ৰহস্যজনক মৃত্যু: ধনৰ অভাৱত উভতাই আনিব পৰা নাই মৃতদেহ...

বহিঃৰাজ্যত অসমীয়াৰ ৰহস্যজনক মৃত্যু: ধনৰ অভাৱত উভতাই আনিব পৰা নাই মৃতদেহ...

author-image
Asomiya Pratidin
New Update
বহিঃৰাজ্যত অসমীয়াৰ ৰহস্যজনক মৃত্যু: ধনৰ অভাৱত উভতাই আনিব পৰা নাই মৃতদেহ...

ডিজিটেল সংবাদ, তামুলপুৰঃ পুনৰ বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ যুৱকৰ। ৰহস্যজনকভাৱে মহাৰাষ্ট্ৰত উদ্ধাৰ হৈছে তামুলপুৰ জিলা বাৰেইগাঁওৰ খগেন বড়ো নামৰ লোকজনৰ মৃতদেহ।

Advertisment

জানিব পৰা মতে, যোৱা ২০ ছেপ্টেম্বৰত আন কেইজনমান বন্ধুৰ সৈতে বহিঃৰাজ্যত কৰ্মসংস্থাপনৰ বাবে গৈছিল খগেন বড়ো। ৰেলেৰে গৈ থকা অৱস্থাতে মহাৰাষ্ট্ৰৰ নাচিকত খগেন বড়ো মৃতুমুখত পৰে। পৰিয়ালৰ লোকে জনাই যে, গৈ থাকোতে তেওঁলোকে খগেন বড়োক কেইবা বাৰো ফোন কৰিছিল যদিও কোনো উত্তৰ লাভ কৰা নাছিল।

পৰৱৰ্তীসময়ত মহাৰাষ্ট্ৰ আৰক্ষীয়ে খগেন বড়োৰ তামুলপুৰৰ ঘৰলৈ ফোনযোগে খবৰ দিয়াত খগেন বড়োৰ মৃত্যুৰ খবৰ লাভ কৰে পৰিয়ালৰ লোকে । কেনেকৈ লোকজনৰ মৃত্যু হ'ল সেই সন্দৰ্ভত এতিয়াও কোনো খবৰ পোৱা নাই পৰিয়ালৰ লোকে।

দুৰ্ভাগ্যজনকভাৱে ধনৰ অভাৱতে দুখীয়া পৰিয়ালটোৱে মৃত খগেন বড়োৰ মৃতদেহ চমজি ল'বলৈ মহাৰাষ্টলৈ যাব পৰা নাই ৷

Also Read: 'অমৃত কলহ যাত্ৰা' ভাগ লৈ ঘৰে ঘৰে মাটি সংগ্ৰহ কৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই

assampolice