মেট্ৰিকৰ প্ৰশ্নকাকতক লৈ ফোনত কেনেকৈ চলে দৰ-দাম?

মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল কৰা কেইবাজনো শিক্ষক, ছাত্ৰক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। বৃহৎ চক্ৰ জড়িত হৈ আছে ইয়াত।
মেট্ৰিকৰ প্ৰশ্নকাকতক লৈ ফোনত কেনেকৈ চলে দৰ-দাম?

মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল কৰা কেইবাজনো শিক্ষক, ছাত্ৰক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। যিবোৰ তথ্য আৰক্ষীৰ ওচৰত পৰিছেহি সেই তথ্যবোৰৰ আধাৰত এই কথা ক'ব পাৰি যে এক বৃহৎ চক্ৰই প্ৰশ্ন কাকতৰ এখন ৰমৰমীয়া বজাৰ কেতয়াবাই খুলিছিল। এই সন্দৰ্ভত এক বিস্ফোৰক টেলিফোনিক বাৰ্তালাপ অসমীয়া প্ৰতিদিন ডিজিটেলৰ হাতত পৰিছেহি। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক্সক্লুচিভ প্ৰতিবেদন-

অসমীয়া প্ৰতিদিন ডিজিটেলৰ হাতত পৰা তিনিটা অডিঅ'য়ে এই কথা নিশ্চিত কৰে যে মেট্ৰিকৰ প্ৰশ্নকাকতৰ এখন বৃহৎ বজাৰ মেলিছিল এক দালাল চক্ৰই। সেই চক্ৰটোৱে বিভিন্ন সময়ত প্ৰশ্নকাকত ক্ৰয় কৰা গ্ৰাহক বিচাৰি বিভিন্ন জন লোকৰ সৈতে মোবাইলত যোগাযোগ কৰিছিল।

তেনে এজন দালালে ফোন যোগে পতা কথোপকথনৰ লিখিত ৰূপ এয়া-

  • প্ৰথম ব্যক্তি- হেল্ল'

  • দ্বিতীয় ব্যক্তি- অ'' অ

  • প্ৰথম ব্যক্তি- ক'ত?

  • দ্বিতীয় ব্যক্তি- মই ঘৰতে আছো, কাইলৈ ছোৱালীটো যাব।

  • প্ৰথম ব্যক্তি- অ' কাইলৈ যাব।

  • দ্বিতীয় ব্যক্তি- মই ২ তাৰিখে যাম, মোৰ ১ তাৰিখে ইন্টাৰভিউ আছে..পালে নেকি?

  • প্ৰথম ব্যক্তি- যোৱাকালি বাইদেউয়ে মোলৈ ফোন কৰিছিল, এইবাৰ কিবাতো আগতীয়াকৈ বিচাৰিছে।আগতে বহুত মানুহে খেলি-মেলি কৰিলে। টাৰ্গেট ফিলাপ কৰিব নোৱাৰিলো।আমাক টাৰ্গেট দিয়েটো।

  • দ্বিতীয় ব্যক্তি- অ', অ' যে ইমান ইমান দিব লাগে।

  • প্ৰথম ব্যক্তি- অ', অ' ইমান ইমান দিব লাগে বুলি। ।যোৱা বছৰ মানে কেইজনমান মানুহে মোক ঠগিলে। সেইবাবে এইবাৰ আগতীয়াকৈ বিচাৰিছে। এতিয়া নহয়, ৩ তাৰিখৰ পৰা আৰম্ভ হ'লে ১ তাৰিখে পেমেন্ট দিব লাগিব।

  • দ্বিতীয় ব্যক্তি- ২ তাৰিখে দিম।

  • প্ৰথম ব্যক্তি- বস্তুটো মানে মোলৈ নিদিয়াৰ আগতে পেমেন্ট কৰিহে বস্তুটো ল'ব লাগে। আচলতে বস্তুটো বহুত ৰিস্কি।

  • দ্বিতীয় ব্যক্তি- আৰু কিমান দিব লাগিব।

  • প্ৰথম ব্যক্তি- চিন্তা কৰি চা। কিমানজনী ষ্টুডেন্ট হ'ব।

  • দ্বিতীয় ব্যক্তি- মোৰ এটা আছে, আৰু এটা জাগাত দুটা আছে। সিহতে লয় নে নলয় গ'ম নাপাঁও।

  • প্ৰথম ব্যক্তি- তাৰ পৰা ৪-৫ জন মান ব্যৱস্থা কৰক। ফোনাফনি কৰি। খবৰটো দিব।

  • দ্বিতীয় ব্যক্তি- ৪ জন মিলালে কিমান।

  • প্ৰথম ব্যক্তি- এতিয়া আগলৈকে দিব লাগিব।

  • দ্বিতীয় ব্যক্তি- এনে হাজাৰকৈ লৈ আছিল চোন।

  • প্ৰথম ব্যক্তি- নহয় তেতিয়াৰ কাহিনী হাজাৰকৈ কোৱা নাছিল.. বাইদেউক জানে চোন ল'ৰাতোলৈ দিছিল যে সিটো মোক ২৫০০ কে দিছিল। এইবাৰ ২০০০ কে দিব লাগিব।

  • দ্বিতীয় ব্যক্তি- অলপ বেছি হয়। সুধি চাম।

  • প্ৰথম ব্যক্তি- বেছি মানে এতিয়া মানুহ একদম কম। এতিয়া বহু ৰিস্কি হৈ গ'ল। সেইবাবে যাকে তাকে দিয়া নহয়...

  • দ্বিতীয় ব্যক্তি- বাৰু মই গৈ লও... বেলেগক সুধি লও.. তাই তেজপুৰৰ। বেলেগ কাকো চিনি নাপাও।

  • প্ৰথম ব্যক্তি- কোনে কোনে দিব খবৰটো মোক দিব। ..এয়া আছিল তেওঁলোকৰ এদিনৰ কথোপকথন।

    আন এদিনৰ কথোপকথন

    প্ৰথম ব্যক্তিঃ কেইটামান পাইছো..

    দ্বিতীয় ব্যক্তিঃ বাকী

    প্ৰথম ব্যক্তিঃ বাকী পোৱা নাই। ৪-৫ নম্বৰটো পাইছো ।২০ নম্বৰ পাইছো মুঠ। এছেটো পাইছো।

    দ্বিতীয় ব্যক্তিঃ এনে ১-২ নম্বৰ পোৱা নাই

    প্ৰথম ব্যক্তিঃ নাই পোৱা

    দ্বিতীয় ব্যক্তিঃ এইবিলাক নালাগে, আগতে খবৰ পালো। বেলেগ ২-৩ নম্বৰ বিলাক মিলাওক না। ৭ নম্বক ৮ নম্বৰ।

    প্ৰথম ব্যক্তিঃ ৭-৮ নম্বৰ পোৱা নাই মানে।

    দ্বিতীয় ব্যক্তিঃ ইমানকেইটা আহিছে, এইকেইটা অহা নাই কাৰণটো কি।

    প্ৰথম ব্যক্তিঃ তাকেটো এতিয়া মই নিজেই ক'ব পৰা নাই। ইহতে ক'ৰ পৰা পালে আকৌ।

    দ্বিতীয় ব্যক্তিঃ অ', এতিয়া আপুনি সিহতৰ পৰা পাইছে নে জেগাৰ পৰা।

    প্ৰথম ব্যক্তিঃ মই জেগাৰ পৰা।

    দ্বিতীয় ব্যক্তিঃ তেজপুৰত পুৰা আউট হৈ আছে বস্তুটো। পুৰা গ্ৰুপত গৈ আছে। পইছা ইনকাম কৰা বুদ্ধি লগাইছে। মোক এনেই ফচাইছে...

    প্ৰথম ব্যক্তিঃ ক'ৰ পৰা গৈছে বস্তুটো এতিয়া।

    দ্বিতীয় ব্যক্তিঃ কাইলৈ আপোনাৰ লগত ভালকৈ কথা পাতিম।

তাৰ পাছতে আন এদিনৰ কথোপকথোন তলত দিয়া হ'ল-

  • প্ৰথম ব্যক্তি- সেইটো কুৱেশ্যন এনচাৰ ৰাইট চাইডে থকাতো। ভালকে চাই লওক...

  • দ্বিতীয় ব্যক্তি- ৩ নম্বৰৰ

  • প্ৰথম ব্যক্তি- অ, ওপৰত লিখা নাই নেকি ৩ নম্বৰৰ বুলি?

  • দ্বিতীয় ব্যক্তি-অ'

  • প্ৰথম ব্যক্তি- কি তহতে এইবোৰ খেলি মেলি লগাই আছ মিছামিছিকে।

  • দ্বিতীয় ব্যক্তি- হোৱাট ইজ এ কাৰ্গো হম- এইটো নেকি?

  • প্ৰথম ব্যক্তি- অ, সেইটো কি, সেইটো ৩ নম্বৰৰ এনচাৰ ৰাইট চাইডে থাকাতো যিটো মই দিছিলো ৰাতি।

  • দ্বিতীয় ব্যক্তি-অ

  • প্ৰথম ব্যক্তি- ১ৰ চাইডে পোনে পোনে যিটো আছে।

  • দ্বিতীয় ব্যক্তি- অ, সেইটোহে।

  • প্ৰথম ব্যক্তি- সেইটো ৩ নম্বৰ দেখা নাই।

  • দ্বিতীয় ব্যক্তি- অ ওপৰত ৩ নম্বৰ বুলি লিখা আছে।

  • প্ৰথম ব্যক্তি-.. তহতে মাথা গৰম কৰিবি দেই।

  • দ্বিতীয় ব্যক্তি-অ অ ঠিক আছে অলপ পাছত কথা পাতি আছো।

  • প্ৰথম ব্যক্তি- আপোনাক মই কিমান মাৰ্কৰ দিছো জানে। ৪১ মাৰ্কচৰ দিছো।

  • দ্বিতীয় ব্যক্তি- মোক অকল ৩ নম্বৰ আৰু

  • প্ৰথম ব্যক্তি- চা মই কৈ দিছো। ১ নম্বৰ ১০, ২ নম্বৰ ১০, ৩নম্বৰ ৫,। টোটেল ৪১ নম্বৰৰ দিছো।

  • দ্বিতীয় ব্যক্তি- অ ফোন কৰি আছো মই অলপ পাছত।

এয়া আছিল মেট্ৰিকৰ প্ৰশ্নকাকতৰ সন্দৰ্ভত হোৱা টেলিফোনিক বাৰ্তালাপ। য'ত উল্লেখ কৰা হৈছে ২০২২ বৰ্ষটো অনুৰূপ ধৰণে প্ৰশ্নকাকত বিক্ৰী কৰা হৈছিল। বিষয়টো উপযুক্ত তদন্ত কৰিলে সেই চক্ৰ উৎখাত হোৱাৰ পূৰ্ণ সম্ভাৱণা আছে।

মেট্ৰিকৰ প্ৰশ্নকাকতক লৈ ফোনত কেনেকৈ চলে দৰ-দাম?
এলাৰ্ট জাৰিঃ প্ৰৱল বৃষ্টিপাত, ঘণ্টাত ৩০-৪০ কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱণা...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in