ডাটাৰ মিঠাই! দ্বিতীয় বৰ্ষপূৰ্তিত গ্ৰাহকৰ বাবে জিঅ’ৰ বিশেষ অফাৰ

ডাটাৰ মিঠাই! দ্বিতীয় বৰ্ষপূৰ্তিত গ্ৰাহকৰ বাবে জিঅ’ৰ বিশেষ অফাৰ

author-image
asomiyapratidin
New Update
ডাটাৰ মিঠাই! দ্বিতীয় বৰ্ষপূৰ্তিত গ্ৰাহকৰ বাবে জিঅ’ৰ বিশেষ অফাৰ

ডিজিটেল ডেস্কঃ সাফল্যৰ ২টাকৈ বছৰ অতিক্ৰমি তৃতীয় বৰ্ষত ভৰি থৈছে ৰিলায়েন্স জিঅ'ই। এই উপলক্ষে গ্ৰাহকসকলক মিঠাই খুৱাবলৈ সাজু হৈছে ভাৰতীয় টেলিকম জগতত খলকনিৰ সৃষ্টি কৰা প্ৰতিষ্ঠানটোৱে। পিছে আটা-ময়দা নহয়, জিঅ'ই নিজৰ দ্বিতীয় বৰ্ষপূৰ্তিত আপোনাক খুৱাব 'ডাটা'ৰ মিঠাই।

Advertisment

এই অনুযায়ী আজিৰে পৰা জিঅ'ই গ্ৰাহসকলক ২ জিবিকৈ অতিৰিক্ত হাইস্পিড ডাটা বিনামূলীয়াকৈ আগবঢ়াইছে। অহা ১১ ছেপ্তেম্বৰলৈকে গ্ৰাহকসকলে এই বিনামূলীয়া 'ডাটাৰ মিঠাই' লাভ কৰিব।

অৱশ্যে ইয়াৰ বাবে আপুনি সামান্য কষ্ট কৰিব লাগিব। ফোনত যদিহে মাই জিঅ' এপ আছে, তেন্তে সেয়া আপডেট কৰক। যদিহে এপ নাই তেন্তে ইনষ্টল কৰি লওক। আপগ্ৰেড হোৱাৰ পিছত এপটো অপেন কৰি মাই প্লেন অপশ্যনত ক্লিক কৰক।

আৰু পঢ়কঃ ৰিজাৰ্ভ বেংকৰ নতুন নিয়মঃ সাৱধান নহ'লে ২০০০ টকীয়া নোটে মাতিব বিপদ

ক্লিক কৰিলে আপুনি এই মুহূৰ্তত কি প্লেন ব্যৱহাৰ কৰি আছে সেয়া জানিব পাৰিব। লগতে ইয়াৰ তলফালে থাকিব চেলিব্ৰেশ্যন পেক আৰু তাৰ সবিশেষ বৰ্ণনা। যদিহে সেয়া দেখা পোৱা নাই তেতিয়াও হতাশ হোৱাৰ প্ৰয়োজন নাই, কাৰণ ম্যাদ শেষ হোৱাৰ পূৰ্বেই এই পেক আপোনাৰ প্লেনৰ সৈতে সংযোগ কৰি দিয়া হ'ব।

গ্ৰাহকসকলৰ বাবে আন কেবাটাও ভাল খবৰ আনিছে জিঅ'ই। এই ভাল খবৰসমূহৰ অন্যতম হৈছে ৩০০ টকাতকৈ কম মূল্যৰ প্ৰিপেইড পেকসমূহত ডাটাৰ পৰিমাণ বৃদ্ধি। জিঅ'ই নিজৰ ৱেবছাইটত প্ৰকাশ কৰা মতে, ১৪৯ টকাত প্ৰতিদিনে ১.৫ জিবি, ১৯৮ টকাত ২ জিবি আৰু ২৯৯ টকাত প্ৰতিদিনে ৩ জিবিকৈ ডাটা লাভ কৰিব।