ৰিজাৰ্ভ বেংকৰ নতুন নিয়ম, সাৱধান নহ’লে ২০০০ টকীয়া নোটে মাতিব বিপদ

ৰিজাৰ্ভ বেংকৰ নতুন নিয়ম, সাৱধান নহ’লে ২০০০ টকীয়া নোটে মাতিব বিপদ

ডিজিটেল ডেস্কঃ বিমুদ্ৰাকৰণৰ স্মৃতি বৰ্তমানো সজীৱ হৈ আছে প্ৰতিজন ভাৰতীয়ৰ মনত। তাৰ মাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰৱৰ্তন কৰিছিল নতুন নিয়ম। এই নতুন নিয়মৰ বাবেই এতিয়া ২০০০ টকীয়া নোটখনক লৈ কেতিয়াবা বিপদত পৰিব পাৰে আপুনি!

ঐতিহাসিক সেই সিদ্ধান্তৰ পিছতে বজাৰত নোটৰ চাহিদা আৰু যোগানৰ ভাৰসাম্য অটুত ৰাখিবলৈ মুকলি কৰা হৈছিল ২০০০ টকীয়া নোট। পৰৱৰ্তী সময়ত ৫০০, ২০০, ৫০, ২০ আৰু ১০ টকাৰ নতুন ডিজাইনৰ নোটো বজাৰত এৰি দিছিল ৰিজাৰ্ভ বেংকে। ১০০ টকাৰ নতুন নোটেও অচিৰেই বজাৰ দখল কৰাৰ পথত।

ইয়াৰ মাজতে আপোনাক বিপদত পেলাব পৰা এক নতুন নিয়ম আৰম্ভ কৰিছে ৰিজাৰ্ভ বেংকে। যোৱা ৭ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা এই নতুন নিয়ম প্ৰযোজ্য হ'ব ফটা নোটৰ ক্ষেত্ৰত। প্ৰত্যেকখন সুকীয়া মূল্যৰ নোটৰ বাবে নিৰ্দিষ্ট নিয়ম বান্ধি দিয়াৰ ফলত এতিয়া সৰ্বাসাধাৰণ বিপদত পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

নতুন নিয়ম অনুযায়ী যদিহে ২০০০ টকাৰ নোট এখন দুৰ্ভাগ্যৱশত ফাটি যায় তেন্তে তাৰ পৰিৱৰ্তে সম্পূৰ্ণ মূল্য পাবলৈ হ'লে নোটখন ৮৮ শতাংশ অক্ষত অৱস্থাত থাকিব লাগিব। নোটখন ৪৪ শংতাশ অক্ষত থাকিলে লাভ কৰিব আধা মূল্য। ৫০০ টকাৰ ক্ষেত্ৰত ক্ৰমে এই নিৰিখ হৈছে ৮০ আৰু ৪০ শতাংশ। ২০০ টকীয়া নোটৰ ক্ষেত্ৰত সম্পূৰ্ণ মূল্য পাবৰ বাবে ৭৮ শতাংশ আৰু আধা মূল্য পাবলৈ হ'লে ৩৯ শতাংশ অক্ষত থাকিব লাগিব।

১০০ টকাৰ ক্ষেত্ৰত সম্পূৰ্ণ আৰু আধা মূল্যৰ বাবে অক্ষত থাকিবলগীয়া পৰিমাণ হৈছে ক্ৰমে ৭৫ আৰু ৩৮ শতাংশ। ৫০ টকীয়া নোটৰ ক্ষেত্ৰত এয়া যথাক্ৰমে ৭২ আৰু ৩৬ শতাংশ। যদিহে নোটৰ নিৰ্ধাৰিত অক্ষত পৰিমাণ নাথাকে তেন্তে তাৰ পৰিৱৰ্তে এটকাও পোৱা নাযাব।

অৰ্থাৎ যদিহে আপোনাৰ হাতত থকা ২০০০ টকীয়া এখন নোট অসাৱধানবশত ফাটি যায় বা নষ্ট হৈ যায় আৰু অক্ষত অংশৰ পৰিমাণ ৪৪ শতাংশতকৈ এক শতাংশও কম হয় তেন্তে গোটে গোটে আপোনাৰ ২০০০ টকা পানীত পৰাতো নিশ্চিত। সেয়ে নোটৰ ব্যৱহাৰত পাৰ্যমানে সতৰ্ক হওক, অন্যথা বিপদ অনিবাৰ্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in