/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/5e56986d-ab47-40c0-9fe3-61f2f24e415a/modi_22.jpg)
২০২৭ ৰ ভিতৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হৈ পৰিব ভাৰত !
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোন পূৰণ হোৱাৰ পূৰ্বাভাষ দিলে বেংকিং বিনিয়োগ সংস্থা জেফাৰিজৰ অৰ্থনীতি মূল্যায়নৰ ৰিপোৰ্টে। এই প্ৰতিবেদনত কোৱা হৈছে ২০২৭ চনৰ ভিতৰত জাপান আৰু জাৰ্মানিক অতিক্ৰম কৰি বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ'ব ভাৰত।
এই প্ৰতিবেদনত কোৱা হৈছে- এটা দশকৰ পূৰ্বে ভাৰতৰ অৰ্থনীতি আছিল বিশ্বৰ নৱম বৃহত্তম। বৰ্তমান সেয়া তিনিগুণ বৃদ্ধি পাই ৪০ হাজাৰ কোটি ডলাৰ স্পৰ্শ কৰিছে। এতিয়া ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছে ভাৰত। আগন্তুক ৪ বছৰৰ ভিতৰত ৫ লক্ষাধিক কোটি ডলাৰৰ অৰ্থনৈতিক শক্তিলৈ পৰিণত হ'ব ভাৰত। হৈ পৰিব বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি।
বিগত বছৰত লালকিল্লাত স্বাধীনতা দিৱসৰ ভাষণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছিল- ২০২৭ ৰ ভিতৰত জাপান আৰু জাৰ্মানিক অতিক্ৰম কৰি তৃতীয় বৃহত্তম শক্তিত পৰিণত হ'ব ভাৰত। আমাৰ লক্ষ্য, ২০৪৭ চনত স্বাধীনতাৰ শতবৰ্ষত পদাৰ্পণৰ পূৰ্বে ৩৫ লক্ষ্য কোটি ডলাৰৰ অৰ্থনীতি হৈ উঠা।
একাংশ অৰ্থনীতিবিদৰ মতে মোডীৰ দ্বিতীয় সপোন পূৰণৰ বাবে ধাৰাবাহিকভাৱে বাৰ্ষিক আৰ্থিক বৃদ্ধি ৯ ৰ পৰা ১০ শতাংশ হ'ব লাগিব। যদিও বৰ্তমান বিশ্বৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিৱেশ অনুকূল হৈ থকা নাই তথাপিও ২০২৭ ৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হৈ পৰিব বুলি পূৰ্বাভাষ দিছে জেফাৰিজে।
এই একেখন প্ৰতিবেদনত কোৱা হৈছে বিশ্বৰ অধিকাংশ উন্নত আৰু বৃহৎ অৰ্থনীতিৰ দেশৰ আৰ্থিক বৃদ্ধিৰ হাৰ হ্ৰাস পালেও ভাৰতে ইয়াৰ বাৰ্ষিক অৰ্থনীতিৰ বৃদ্ধিৰ হাৰ ৬ শতাংশ বজায় ৰাখিব পাৰিব। ২০৩০ চনৰ ভিতৰত ভাৰতৰ অৰ্থনীতি ১০ লাখ কোটি ডলাৰত উপনীত হ'ব।