জি এছ টি সংগ্ৰহ পূৰ্বতকৈ ১১.৫ শতাংশ বৃদ্ধি...

সদ্য সমাপ্ত বিত্তীয় বৰ্ষত মুঠ জি এছ টি সংগ্ৰহ ২০.১৪ লাখ কোটি টকা
জি এছ টি সংগ্ৰহ পূৰ্বতকৈ ১১.৫ শতাংশ বৃদ্ধি...
জি এছ টি সংগ্ৰহ পূৰ্বতকৈ ১১.৫ শতাংশ বৃদ্ধি...

ডিজিটেল ডেস্কঃ ১ এপ্ৰিল, ২০২৪ ৰ পৰা পুনৰ আৰম্ভ হ’ল নতুন বিত্তীয় বৰ্ষ। বিত্তীয় বৰ্ষৰ আৰম্ভণিতে সদ্য সমাপ্ত বিত্তীয় বৰ্ষত দেশে কিমান জি এছ টি সংগ্ৰহ কৰিলে সেই সন্দৰ্ভত তথ্য প্ৰকাশ পাইছে।

বিত্তমন্ত্ৰণালয়ে পূৰ্বে আশা কৰিছিল চলিত বছৰৰ মাৰ্চত জি এছ টি সংগ্ৰহ ১১ শতাংশৰো অধিক হ’ব। সেই অনুসৰিয়েই সামগ্ৰী আৰু সেৱা কৰ চমুকৈ জি এছ টি সংগ্ৰহ পূৰ্বতকৈ ১১.৫ শতাংশ বৃদ্ধি হৈ ১.৭৮ লাখ কোটিৰ ঘৰত উপনীত হৈছে।

বিত্তমন্ত্ৰণালয়ৰ মতে এতিয়ালৈকে সংগৃহীত হোৱা জি এছ টিৰ ভিতৰত এয়া দ্বিতীয় বৃহৎ জি এছ টি সংগ্ৰহ। উল্লেখ্য যে, ২০২৩ ৰ ১ এপ্ৰিলৰ পৰা ২০২৪ ৰ ৩১ মাৰ্চৰ ভিতৰত মুঠ জি এছ টি সংগ্ৰহ হৈছে ২০.১৪ লাখ কোটি টকা।

যোৱা বিত্তীয় বৰ্ষতৰ তুলনাত এই পৰিমাণ ১১.৭ শতাংশ অধিক। ২০২৩-২৪ বিত্তীয় বৰ্ষত মাহে মুঠ জি এছ টি সংগ্ৰহৰ পৰিমাণ আছিল ১.৬৮ লাখ কোটি। পূৰ্বৰ বিত্তীয় বৰ্ষত এই পৰিমাণ আছিল ১.৫ লাখ কোটি টকা।

বিত্তমন্ত্ৰণালয়ৰ মতে ঘৰুৱা লেনদেনৰ পৰা জি এছ টি সংগ্ৰহত ১৭.৬ শতাংশ বৃদ্ধি হোৱাৰ বাবে মুঠ জি এছ টি সংগ্ৰহ বৃদ্ধি হৈছে। উল্লেখ্য, ২০২৩ ৰ এপ্ৰিলত সৰ্বাধিক জি এছ টি ১.৮৭ লাখ কোটি সংগ্ৰহ হৈছিল।

জি এছ টি সংগ্ৰহ পূৰ্বতকৈ ১১.৫ শতাংশ বৃদ্ধি...
লেকাম লগাৱক অন্যথা বিপদ অনিবাৰ্যঃ কংগ্ৰেছ, বিজেপিৰ দুই নেতালৈ EC ৰ জাননী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in