লেকাম লগাৱক অন্যথা বিপদ অনিবাৰ্যঃ কংগ্ৰেছ, বিজেপিৰ দুই নেতালৈ EC ৰ জাননী

কংগ্ৰেছ নেত্ৰী সুপ্ৰীয়া শ্ৰীনেট, বিজেপি নেতা দিলীপ ঘোষক ভৰ্ৎসনা নিৰ্বাচন আয়োগৰ
লেকাম লগাৱক অন্যথা বিপদ অনিবাৰ্যঃ কংগ্ৰেছ, বিজেপিৰ দুই নেতালৈ EC ৰ জাননী
লেকাম লগাৱক অন্যথা বিপদ অনিবাৰ্যঃ কংগ্ৰেছ, বিজেপিৰ দুই নেতালৈ EC ৰ জাননী

ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ প্ৰচাৰ যিমানেই তীব্ৰ হৈছে নেতাৰ মুখৰ বচনৰ সিমানেই লাগ বান্ধ নোহোৱা হৈছে। আদৰ্শ, নীতি, জনকল্যাণমূলক আঁচনি অথবা দেশৰ সমস্যাৰ সমাধান, সমস্যাৰ উত্থাপনৰ বিপৰীতে শাসক, বিৰোধী প্ৰায় সকলো নেতাই এতিয়া কেৱল ব্যক্তিগত আক্ৰমণ, প্ৰত্যাক্ৰমণত ব্যস্ত।

ৰুচীবোধ থকা মানুহৰ বাবে নেতাৰ ভাষণ এতিয়া এলাৰ্জী সদৃশ হৈ পৰিছে। তাৰ মাজতে অৱশ্যে দেশৰ নিৰ্বাচন আয়োগে শাসক আৰু বিৰোধীৰ দুগৰাকীকৈ নেতাক তেওঁলোকৰ বিতৰ্কিত মন্তব্যৰ বাবে সতৰ্কবাণী শুনোৱা কাৰ্যই বিশেষ চৰ্চা লাভ কৰিছে।

নিৰ্বাচন আয়োগে বিজেপিৰ সাংসদ দিলীপ ঘোষ আৰু কংগ্ৰেছ নেত্ৰী সুপ্ৰীয়া শ্ৰীনেটক তেওঁলোকে কৰা মহিলাৰ সন্দৰ্ভত আপত্তিজনক মন্তব্যৰ বাবে ভৰ্ৎসনা কৰিছে। লগতে আয়োগে দুয়োকে সতৰ্ক কৰি দি কয় যে, আগন্তুক সময়ত যাতে তেওঁলোকে তেনেধৰণৰ মন্তব্যৰ পৰা বিৰত থাকে। তেওঁলোক দুয়োৰে মহিলা বিৰোধী মন্তব্যই নিৰ্বাচনী আচৰণবিধি উলংঘন কৰিছে সেয়ে পুনৰ এনে কাৰ্য কৰিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিব। তেওঁলোকৰ দুয়োৰে আচৰণ আৰু ভাষণৰ ওপৰত এতিয়াৰে পৰা আয়োগে বিশেষ নজৰ ৰাখিব।

উল্লেখ্য যে, আয়োগে এই দুয়ো নেতালৈ জাননী জাৰি কৰি তেওঁলোক দুয়োৰে পৰা মহিলা বিৰোধী বিতৰ্কিত মন্তব্যৰ সন্দৰ্ভত উত্তৰ বিচাৰিছিল। এই জাননীৰ উত্তৰত দুয়ো নেতাই নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰাৰ বিষয়টো স্বীকাৰ কৰিছে আৰু ব্যক্তিগত আক্ৰমণ কৰা বুলিও মানি লৈছে।

এই উত্তৰ লাভ কৰাৰ পাছতে দুয়োকে আয়োগে সতৰ্কবাণী শুনাইছে। আনহাতে বি জে পি আৰু কংগ্ৰেছ দুয়োটা দলৰে মুখ্য কাৰ্যালয়লৈও এক জাননী জাৰি কৰিছে। যাতে দল দুটাৰ নেতাসকলে আগন্তুক সময়ত নিৰ্বাচনী আচৰণবিধি উলংঘন নকৰে আৰু আপত্তিজনক মন্তব্যৰ পৰাও বিৰত থাকে।

স্মৰ্তব্য যে, কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনেটে অভিনেত্ৰী কংগণা  ৰাণাৱটক হিমাচল প্ৰদেশৰ মান্দি আসনৰ পৰা বিজেপিয়ে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পাছতে সামাজিক মাধ্যমত এখন ফটো আপলোড কৰি বিতৰ্কিত মন্তব্য কৰিছিল। ইয়াৰ পিছতেই দেশজুৰি বিবাদ আৰম্ভ হয় আৰু বিজেপিয়ে ইয়াকে লৈ কংগ্ৰেছক সমালোচনাৰ লক্ষ্য কৰি লয়।

অৱশ্যে পৰৱৰ্তী সময়ত সুপ্ৰিয়া শ্ৰীনেটে বিষয়টোক লৈ স্পষ্টিকৰণ জাৰি কৰিছিল। একেদৰে বিজেপিৰ নেতা দিলীপ ঘোষে নিৰ্বাচনী প্ৰচাৰৰ সময়ত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰিছিল।

লেকাম লগাৱক অন্যথা বিপদ অনিবাৰ্যঃ কংগ্ৰেছ, বিজেপিৰ দুই নেতালৈ EC ৰ জাননী
বিশ্বভাৰতীৰ চীনা ভৱনত অৰুণাচল প্ৰসংগত আলোচনাৰ মাধ্যমৰে শান্তি স্থাপনৰ বাৰ্তা চীনৰ....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in