বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষই নামানে চৰকাৰী নিৰ্দেশনা...

বিভিন্ন অজুহাতত নিৰ্ধাৰিত সময়ৰ পূৰ্বেই বিদ্যালয়ৰ শিক্ষাৰ্থীক দিয়ে ছুটি
বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষই নামানে চৰকাৰী নিৰ্দেশনা...
বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষই নামানে চৰকাৰী নিৰ্দেশনা...
Published on
Updated on

ডিজিটেল সংবাদ বিহালীঃ সম্প্ৰতি বিহালী শিক্ষাখণ্ডত ব্যাপক অৰাজকতাই বিৰাজ কৰিছে৷ বিগালী শিক্ষাখণ্ডৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষই শিক্ষা বিভাগৰ নিৰ্দেশনাকো অমান্য কৰাৰ অভিযোগ উত্থাপন হৈছে।

ৰাজ্যত অত্যাধিৰ গৰমৰ বাবে জিলাই জিলাই ১২-৩০ বজাত বিদ্যালয় ছুটি দিবলৈ এক নিৰ্দেশনা জাৰি কৰিছিল যদিও শিক্ষানুষ্ঠানখনৰ অধ্যক্ষই সেই নিৰ্দেশমা অমান্য কৰিছে। গৰমৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়সমূহৰ পাঠদান পুৱা ৭-৩০ বজাত আৰম্ভ কৰি দিনৰ ১২-৩০ বজাত ছুটিৰ সময় নিৰ্ধাৰণ কৰিছিল যদিও বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেইবাটাও শ্ৰেণীৰ শিক্ষাৰ্থীক ১২ বজাৰ পূৰ্বেই ছুটি দিছে।

এই প্ৰসংগত অধ্যক্ষগৰাকীৰ যুক্তি হ'ল ছাত্ৰ-ছাত্ৰীসকল পুৱাই বিদ্যালয় লৈ আহিব লগা হোৱাত ভালকৈ আহাৰ গ্ৰহণ কৰি আহিব নোৱাৰে। ফলত তেওঁলোকৰ গেছৰ সমস্যা হৈছে। বিদ্যালয়খনৰ অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰী অসুস্থ হৈ পৰাত হাস্পতালত ভৰ্তি কৰিবলগীয়া হৈছে।

সেয়েহে কিছু পঞ্চম, ষষ্ঠ, সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ত সম্পূৰ্ণ সময় নাৰাখি ১২ বজাৰ পিছত ছুটি দিওঁ। যাতে তেওঁলোক ঘৰলৈ গৈ আৰামত থাকিব পাৰে। অধ্যক্ষগৰাকীৰ এনে উত্তৰত বিহালীত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে।

কিয়নো বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়তো অধ্যাহ্ন ভোজন আঁচনি বাহাল আছে। গতিকে তাৰপিছতো বিদ্যালয়খনৰ শিক্ষাৰ্থীয়ে পুৱা ঘৰত আহাৰ গ্ৰহণ কৰি আহিব নোৱাৰাৰ বাবে গেছৰ সমস্যাত অসুস্থ হোৱা বুলি অধ্যক্ষগৰাকীয়ে যি অজুহাত দেখুৱাইছে সহজে মানিব পৰা নাই স্থানীয় ৰাইজে।

আনহাতে শিক্ষাৰ্থীসকলে যদি গৰমৰ বাবেই তেনে সমস্যাত ভূগিছে বুলি ধৰি লোৱাও হয় তেন্তে কিয় বিভাগীয় নীতি, নিয়মৰ মাধ্যমেৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই? প্ৰশাসনীয় সিদ্ধান্তক অমান্য কৰি কিয় তেওঁ এইদৰে শিক্ষাৰ্থীক সময়ৰ পূৰ্বেই ছুটি দিছে? এই বিষয়ক লৈ এতিয়া অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষই নামানে চৰকাৰী নিৰ্দেশনা...
কাজিৰঙাত মন্ত্ৰী জয়ন্ত মল্লৰ সাংবাদিকৰ বিৰুদ্ধে উচটনিমূলক মন্তব্যৰ প্ৰতিক্ৰিয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in