অৰুণাচল প্ৰদেশৰ লংডিংত NSCN-IMৰ দুৰ্ধষ কেডাৰ গ্ৰেপ্তাৰ

অৰুণাচল প্ৰদেশৰ লংডিংত NSCN-IMৰ দুৰ্ধষ কেডাৰ গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, ৱাখা : দেওবাৰে অৰুণাচল প্ৰদেশৰ লংডিং জিলাত নিৰাপত্তা বাহিনীয়ে এক বৃহৎ চলাই এন এছ চি এনৰ-(আই এম) এগৰাকী দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কেডাৰজন ৱানচো অঞ্চলৰ এন এছ চি এনৰ এগৰাকী স্বয়ম্ভূ কমাণ্ডাৰ।

তেওঁ লংডিং জিলাত অবৈধ ধন দাবী আৰু নিযুক্তি অভিযানৰ নেতৃত্ব দিছিল। তেওঁৰ হাতত কেইবাখনো ধন দাবীৰ ধন পত্ৰ আৰু ভুৱা আইডি কাৰ্ড উদ্ধাৰ কৰা হয়।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ২০২২ চনৰ ছেপ্টেম্বৰ মাহত নিৰাপত্তা বাহিনীয়ে লংডিং জিলাৰ কানুবাৰী অঞ্চলৰ নিৰীহ গাঁওবাসীৰ পৰা ভাবুকি আৰু ধন দাবীৰ লগত জড়িত তেওঁৰ সহযোগী এন এছ চি এন-আই এমৰ স্বয়ম্ভূ চাৰ্জেণ্টক গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰ কৰা কেডাৰজন ২০১৫ আৰু ২০১৯ চনৰ দুটা এন আই এৰ গোচৰৰ অন্যতম প্ৰধান সন্দেহযুক্ত বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । ছেল্ফ ষ্টাইলড লেফটেনেণ্ট কৰ্ণেল আনক ৱাংছুক অধিক তদন্তৰ বাবে লংডিং থানাত গতাই দিয়া হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in