১৩ খন ৰাজ্যই কিনিব নোৱাৰে বিজুলী ! পৰিশোধ কৰা নাই পূৰ্বৰ বকেয়া…

১৩ খন ৰাজ্যই কিনিব নোৱাৰে বিজুলী ! পৰিশোধ কৰা নাই পূৰ্বৰ বকেয়া…

ডিজিটেল ডেস্ক :  দেশৰ শক্তি ব্যৱস্থা পৰিচালনা নিগমৰ অধ্যক্ষ এছ. আৰ. নৰসিংহই প্ৰকাশ কৰিলে এক বিষ্ফোৰক তথ্য । আগন্তুক সময়ছোৱাত ভাৰতৰ ১৩ খন ৰাজ্যই বিদ্যুৎ শক্তি ক্ৰয় অথবা বিক্ৰী কৰিব নোৱাৰিব । ইয়াৰ কাৰণ হৈছে, এই ৰাজ্যসমূহে এতিয়ালৈ শক্তি উৎপাদক আৰু বিতৰণ কোম্পানীক পৰিশোধ কৰা নাই পূৰ্বৰ বকেয়া । এই সমগ্ৰ বকেয়া ভাৰতীয় মূল্যত প্ৰায় ৫১০০ কোটি টকা । এই বৃহৎ পৰিমাণৰ ধনৰাশি অহা আঢ়ৈ মাহৰ ভিতৰত পৰিশোধ কৰিব নোৱাৰিলে ৰাজ্যসমূহে হ্ৰস্বম্যাদী শক্তিৰ উৎস হেৰুৱাব ।

উল্লেখ্য যে, ভাৰতৰ অৰ্থনীতিত বিদ্যুতৰ ৰাজ্যিক স্তৰৰ খুচুৰা ব্যৱসায়ীসমূহ ইতিমধ্যেই  এক দুৰ্বল স্থানত অৱস্থিতি গ্ৰহণ কৰি আহিছে, যাৰ বাবে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে এই সিদ্ধান্ত ল'বলৈ বাধ্য হয় । 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in