দিল্লীৰ চি বি আইৰ বৃহৎ অভিযানঃ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বাসগৃহটো চলিছে অভিযান…

দিল্লীৰ চি বি আইৰ বৃহৎ অভিযানঃ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বাসগৃহটো চলিছে অভিযান…

ডিজিটেল ডেস্কঃ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ ঘৰত চি বি আইৰ দলে চলাইছে অভিযান। টুইটাৰৰ জৰিয়তে মনীষ চিছোদিয়াই নিজেই এই কথা প্ৰকাশ কৰিছে। তেওঁ কৈছে যে দিল্লী চৰকাৰে শিক্ষা আৰু স্বাস্থ্য খণ্ডত অভূতপূৰ্ব সফলতা লাভ কৰাৰ বাবে তেওঁলোকক বাধা দিয়া হৈছে।

দিল্লীৰ মুঠ ২১ টা স্থানত চলিছে চি বি আই অভিযান। আবকাৰী বিভাগৰ দুৰ্নীতি, কেলেংকাৰীৰ সন্দৰ্ভত বহু কেইজন শীৰ্ষ বিষয়া আৰু ব্যৱসায়ীৰ ঘৰতো চলিছে চি বি আইৰ এই অভিযান। মনীষ চিছোদিয়াই চি বি আইৰ দলক সম্পূৰ্ণ সহযোগিতা কৰাৰ লগতে তেওঁলোকক আদৰণি জনাইছে বুলি মন্তব্য কৰিছে।

ইফালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে চি বি আইৰ এই অভিযানক গৰিহণা দিছে। তেওঁ কয় যে, যিদিনা বিদেশী বাতৰি কাকতত দিল্লীৰ শিক্ষা ব্যৱস্থাৰ প্ৰশংসা কৰা হৈছে, সেইদিনাই এই চি বি আইয়ে দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ বাসগৃহত অভিযান চলাই আছে।

আনহাতে চি বি আইক আদৰণি জনাই মনীষ চিছোদিয়াই টুইটাৰত লিখিছে যে যিজনে দেশত ভাল কাম কৰে তেওঁক হাৰাশাস্তি কৰা হয়। সেয়েহে আমাৰ দেশ এতিয়াও এক নম্বৰ হোৱা নাই। তেওঁ আন এটা টুইটত উল্লেখ কৰিছে যে, আমি চি বি আইক স্বাগতম জনাইছো। আমি তদন্তত সম্পূৰ্ণ সহযোগিতা কৰিম যাতে সত্য সোনকালে ওলাই আহিব পাৰে। এতিয়ালৈকে, মোৰ বিৰুদ্ধে বহুতো গোচৰ ৰুজু কৰা হৈছে কিন্তু একো ওলাই অহা নাই। ইয়াৰ পৰাও একো ওলাই নাযাব। দেশত ভাল শিক্ষাৰ বাবে মোৰ কাম বন্ধ কৰিব নোৱাৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in