দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহত আক্ৰমণ…

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহত আক্ৰমণ…

ডিজিটেল ডেস্ক: বুধবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিবালৰ আৱাস গৃহত আক্ৰমণ কৰে দুৰ্বৃত্তই।আৰক্ষীয়ে এই সন্দৰ্ভত বৰ্তমানলৈ প্ৰায় ৭০ জন লোকক আটক কৰি তদন্ত আৰম্ভ কৰিছে। আক্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী গৰাকীৰ ঘৰৰ বাহিৰত থকা চিকিউৰিটি বেৰিয়াৰ আৰু চিচিটিভি কেমাৰাও ভাগি পেলোৱা হয়।

আম আদমী পাৰ্টীয়ে অভিযোগ উত্থাপন কৰি কৈছে যে বিজেপিৰ নেতা আৰু কাৰ্যকৰ্তা সকলে অৰবিন্দ কেজৰিবালৰ ঘৰৰ বাহিৰত আক্ৰমণ চলাইছে। দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিচোদিয়াই কয় যে "দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিবালৰ বাসগৃহত দুৰ্বৃত্তই আক্ৰমণ কৰি চিচিটিভি আৰু চিকিউৰিটি বেৰিয়াৰ ভাগি পেলায়"।

উল্লেখ্য যে, বিজেপিৰ কাৰ্যকৰ্তাই আজি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিবালে কাশ্মীৰ পণ্ডিত সকলক লৈ কৰা মন্তব্যৰ বিৰোধীতা কৰি বিৰোধ প্ৰদৰ্শন কৰে।  কিন্তু এই প্ৰতিবাদত হিংসাত্মক কাৰ্য হোৱা বুলি জানিব পৰা গৈছে।

দিল্লী আৰক্ষীৰ মতে বুধবাৰে পুৱা ১১.৩০ বজাৰ পৰা ১.৫০ বজালৈ প্ৰায় ২০০ জন বিজেপিৰ কৰ্মকৰ্তাই প্ৰতিবাদ সাব্যস্ত কৰে। কিন্তু তাৰ কিছু সময়ত পাছতেই একাংশ কাৰ্যকৰ্তাই মুখ্যমন্ত্ৰী গৰাকীৰ ঘৰৰ বাহিৰত বিৰোধ প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে। তাৰ পিছতেই তেওঁলোকে চিচিটিভি, বেৰিকেড আদি ভাগি পেলায়।

আৰু পঢ়ক:

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in