নগাঁৱৰ কৃষকৰ বাবে অহা ৰাজসাহাৰ্য যুক্ত সাৰৰ অবৈধ বিক্ৰী বাংলাদেশত

নগাঁৱৰ কৃষকৰ বাবে অহা ৰাজসাহাৰ্য যুক্ত সাৰৰ অবৈধ বিক্ৰী বাংলাদেশত

ডিজিটেল সংবাদ , নগাঁও : নগাঁও জিলাৰ চৌদিশে এতিয়া চৰকাৰী ৰাজসাহাৰ্য যুক্ত সাৰৰ চোৰাং বেহা ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সাৰৰ চোৰাং বেহাৰ সৰ্ন্দভত চি আই ডিক তদন্ত কৰিবলৈ দিয়াৰ সময়তে নগাঁও জিলাত চলি থকা সাৰৰ কলা বজাৰ খনৰ কথা পোহৰলৈ আহিছে ৷

বিশেষকৈ নগাঁৱত চৰকাৰী সাৰৰ এতিয়া মুক্ত ক'লা ব্যৱসায় চলি আছে ৷ নগাঁৱৰ পৰা বাংলাদেশলৈ চোৰাংকৈ সাৰ নি বিক্ৰি কৰা চাঞ্চল্যকৰ অভিযোগ উঠিছে ৷ বিশেষকৈ চৰকাৰী ৰাজসাহাৰ্য যুক্ত ইউৰিয়া সাৰ চোৰাংকৈ এক অসাধু চক্ৰই বাংলাদেশলৈ নি বিক্ৰী কৰি আহিছে ৷ ট্ৰাকত বোজাই কৰি নগাঁৱৰ পৰা বাংলাদেশলৈ ইউৰিয়া সাৰ চোৰাংকৈ নি থকা হৈছে যদিও চকু দিওঁতা কোনো নাই ৷

অভিযোগ মতে চোৰাং ইউৰিয়া সাৰৰ ব্যৱসায়ী চক্ৰটোয়ে নগাঁৱৰ পৰা ইউৰিয়া সাৰ সংগ্ৰহ কৰি দুটি স্থান মজুত কৰে ৷ সেই স্থান দুটি হৈছে হোজাই জিলাৰ ডবকা আৰু মৰিগাঁও জিলাৰ মৈৰাবাৰী ৷ শেহতীয়াকৈ নগাঁও জিলাৰ ধিং আৰু জুৰীয়া অঞ্চলত সাৰ মজুত কৰিবলৈ লৈছে ৷ সৰু সৰু গাড়ীৰে ইউৰিয়া সাৰ সংগ্ৰহ কৰি চোৰাং ব্যৱসায়ী চক্ৰটোয়ে সুবিধা অনুসৰি ডবকা , মৈৰাবাৰী , ধিঙ আৰু জুৰীয়াত মজুত কৰে ৷ পিছত ট্ৰাকেৰে শিলচৰলৈ নিয়ে ৷ শিলচৰৰ পৰা বাংলাদেশলৈ সাৰ লৈ যোৱা হয় ৷

তাৎপৰ্যপূৰ্ণ বিষয় এই যে নগাঁও জিলাৰ কৃষকৰ চাহিদা অনুসৰি সাৰ উৎপাদনত জড়িত কোম্পানী সমূহে ইউৰিয়া সাৰ যোগান ধৰিব পৰা নাই যদিও সাৰৰ চোৰাং ব্যৱসায়ত জৰিত চক্ৰটোয়ে নতুন নতুন কৌশল অৱলম্বন কৰি সাৰৰ কলা বজাৰ চলাই আহিছে ৷ বিশেষকৈ কৃষি বিভাগৰ অনুজ্ঞাপত্ৰ থকা পাইকাৰী আৰু খুচুৰা একাংশ ব্যৱসায়ী আৰু চোৰাং ব্যৱসায়ীয়ে মিলি ইউৰিয়াৰ চোৰাং ব্যৱসায় চলাই আছে বুলি জানিব পৰা গৈছে ৷

নীতি মতে ব্যৱসায়ী সকলে এজন কৃষকক প্ৰতি ৪০ কিলোগ্ৰাম ইউৰিয়া সাৰ বিক্ৰী কৰিব লাগে ২৩৬.৮০ টকাত ৷ কিন্তু নগাঁৱতে অবৈধ ভাবে বিক্ৰী হয় ৫০০ শৰ পৰা ৫৫০ টকাত ৷ ৪০ কিলোগ্ৰাম ইউৰিয়া সাৰৰ প্ৰকৃত মূল্য ৯৮৮.৪০ টকা ৷ ইউৰিয়াৰ প্ৰকৃত মূল্য ৯৮৮.৪০ টকাৰ পৰা ৭৫১.৬০ টকা কেন্দ্ৰীয় চৰকাৰে সাৰ প্ৰস্তত কৰা কোম্পানীক আদায় দিয়ে ৷ সেয়ে সাৰৰ ব্যৱসায়ী সকলে প্ৰতি ৪০ কিলোগ্ৰামৰ বেগ কৃষকক ২৩৬.৪০ টকাত বিক্ৰী কৰিব লাগে ৷ ৰাজ সাহাৰ্য যুক্ত এই ইউৰিয়া সাৰ আকৌ বাংলাদেশত গৈ বিক্ৰী হয়গৈ প্ৰতি ৪০ কিলোগ্ৰামৰ বেগ ১৮০০ শ টকাৰ পৰা ২০০০ টকাত ৷

চৰকাৰে প্ৰকৃত কৃষকে যাতে সাৰ লাভ কৰে তাৰ বাবে কঠোৰ হৈছে ৷ কিন্তু নগাঁৱৰ ইউৰিয়া সাৰৰ অসাধু ব্যৱসায়ীয়ে চৰকাৰৰ কঠোৰ নীতিৰ মাজত কৌশল উলিয়াই বাংলাদেশলৈ ইউৰিয়া সাৰ নি বিক্ৰী কৰি আহিছে ৷ জানিব পৰা মতে ২০২১ চনৰ অক্টোৱৰ মাহৰ পৰা ২০২২ চনৰ মাৰ্চ মাহলৈকে নগাঁও জিলাত ইউৰিয়া সাৰৰ চাহিদা ১ কোটি ৮৩ লাখ কিলোগ্ৰাম ৷ ইয়াৰ বিপৰীতে জিলাখনক ইউৰিয়া যোগান ধৰা হয় ১ কোটি ৪ লাখ ৯৬ হাজাৰ কিলোগ্ৰামহে ৷ জিলাখনলৈ চাহিদা মতে ৫৭.৩৫ শতাংশহে ইউৰিয়া সাৰ আহে ৷

৫৭.৩৫ শতাংশ ইউৰিয়া সাৰ নগাঁৱলৈ অহাৰ পিছটো ইয়াৰে আধা ইউৰিয়া নগাঁৱৰ কৃষকে লাভ কৰিবলৈ সক্ষম নোহোৱাৰ অভিযোগ উঠিছে ৷ ৰবি শস্যৰ বতৰত কৃষকে ইউৰিয়া বিচাৰি হাহাকাৰ কৰিব লগা হৈছে ৷ নগাঁৱৰ সাৰৰ বজাত এনে এক পৰিবেশ হৈছে যে প্ৰতি ৪০ কিলোগ্ৰাম ইউৰিয়া সাৰৰ বেগত কৃষকে হাজাৰ টকা দিব বিছাৰিলেও সাৰ পাবলৈ নাই ৷ গ্ৰাম্যাঞ্চলত কৃষকে ৰাজসাহাৰ্য যুক্ত সাৰ পাইছেনে নাই প্ৰশ্ন কৰিয়ে নিৰাশাৰ প্ৰতিছবি এখনহে পোৱা যায় ৷

কৃষকৰ নিৰাশাৰ প্ৰতিছবিৰ পৰা স্পষ্ট হয় যে ২০২১ চনৰ পৰা ২০২২ চনৰ মাৰ্চলৈকে চাহিদাৰ বিপৰিতে অহা ৫৭.৩৫ শতাংশ ইউৰিয়া সাৰৰ গৰিষ্ঠ সংখ্যক অসাধু চক্ৰই কৌশলেৰে নগাঁৱৰ বজাৰৰ পৰা আতৰাই নিবলৈ সক্ষম হ'ল ৷ নগাঁৱত চলি থকা ৰাজসাহাৰ্যযুক্ত ইউৰিয়া সাৰৰ কলা বজাৰখনত চি আই ডিৰ হাতোৰা কেনেদৰে পৰে সেয়া সময়েহে ক'ব ৷

আৰু পঢ়ক:

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in