স্ক’ৰপিঅ’ত আগৰতলাৰ পৰা বিহাৰলৈ গাঞ্জা সৰবৰাহ…

স্ক’ৰপিঅ’ত আগৰতলাৰ পৰা বিহাৰলৈ গাঞ্জা সৰবৰাহ…

ডিজিটেল সংবাদ কোকৰাঝাৰ: কোকৰাঝাৰ আৰক্ষীয়ে বুধবাৰে জিলাখনৰ কাৰীগাওঁৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা তিনি গাঞ্জা সৰবৰাহকাৰীক গাঞ্জা সহিতে আটক কৰিবলৈ সক্ষম হৈছে ৷ আটকাধীন সকল ক্ৰমে- মুকেশ কুমাৰ( বিহাৰ), মিঠুন মিঞা (মানকাচৰ), হাছানুৰ ৰহমান( মানকাচৰ) ৷ তেওঁলোকৰ কবলৰ পৰা আৰক্ষীয়ে ৪১ টা পেকেটত ৯৩ কেজি গাঞ্জা জব্দ কৰিছে ৷ এক গোপন সুত্ৰৰ পমখেদি বুধবাৰে আৰক্ষীয়ে কাৰীগাওঁত তালাচী চলাই বিআৰ ১১ভি ৭৫৫১ নম্বৰৰ স্কৰপিঅ' গাড়ীৰ পৰা গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ আগৰতলাৰ পৰা বিহাৰলৈ গৈ থকা অৱস্থাত কাৰিগাঁওত গাঞ্জাখিনি জব্দ কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ আটকাধীন গাঞ্জা সৰবৰাহকাৰী সকলক কোকৰাঝাৰ সদৰ থানাত আৰক্ষীয় জেৰা অব্যাহত ৰাখিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in