জোনাইত সংগীতানুষ্ঠান পৰিৱেশন কৰি ডিব্ৰুগড় ৰিজৰ্টত জিৰণি লৈছিল জুবিন গাৰ্গে…

জোনাইত সংগীতানুষ্ঠান পৰিৱেশন কৰি ডিব্ৰুগড় ৰিজৰ্টত জিৰণি লৈছিল জুবিন গাৰ্গে…

author-image
asomiyapratidin
New Update
অহা বছৰৰ পৰা মই আৰু বিহুৰ অনুষ্ঠান নকৰোঁ- জুবিন গাৰ্গ

ডিজিটেল ডেস্ক: অসুস্থ হৈ ডিব্ৰুগড়ৰ সঞ্জীৱনী হস্পাতালত ভৰ্তি হৈ থকা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান আছিল জোনাইত । জোনাইত দেওবাৰে অনুষ্ঠান পৰিৱেশন কৰি উভতিছিল জুবিন গাৰ্গ। গুৱাহাটী অভিমুখে যাত্ৰা কৰাৰ পথত জুবিন গাৰ্গে জিৰণি লৈছিল ডিব্ৰুগড়ৰ মনোহৰী ৰিজৰ্টত।

মঙলবাৰৰ সন্ধিয়া সামান্যভাৱে অসুস্থ হৈছিল জুবিন। মূৰ ঘূৰোৱাৰ বাবেই ৰিজৰ্ট খনৰ বাথৰুমত পিছলি পৰাত জুবিন গাৰ্গে মূৰত পাইছিল আঘাত।

চিকিৎসালয়ত ভৰ্তি কৰা জুবিনৰ মূৰত ৫ টা চিলাই পৰাৰ পাছতেই জুবিনক লৈ উদ্বিগ্ন হৈ পৰে সকলো। ২৪ ঘন্টা আই চি ইউত থাকিব লাগিব জুবিন। ইতিমধ্যে তেওঁৰ চিটি স্কেন কৰা হৈছে।চিটি স্কেনত কোনো বিসংগতি ধৰা পৰা নাই।

আৰু পঢ়ক: জুবিনৰ স্বাস্থ্যৰ শেহতীয়া খবৰ LIVE UPDATE…

assam health dibrugarh zubeen garg