হাতত জুইশিখা লৈ কাজিৰঙাত 'আল্ট্ৰা ৰাণ- ২০২৩' মুকলি জুবিনৰ...

হাতত জুইশিখা লৈ কাজিৰঙাত 'আল্ট্ৰা ৰাণ- ২০২৩' মুকলি জুবিনৰ...

author-image
Asomiya Pratidin
New Update
হাতত জুইশিখা লৈ কাজিৰঙাত 'আল্ট্ৰা ৰাণ- ২০২৩' মুকলি জুবিনৰ...

হাতত জুইশিখা লৈ কাজিৰঙাত 'আল্ট্ৰা ৰাণ- ২০২৩' মুকলি জুবিনৰ...

ডিজিটেল সংবাদ কাজিৰঙাঃ হাতত জুইশিখা লৈ Anvayinsৰ উদ্যোগত কাজিৰঙা আল্ট্ৰা ৰাণ-২০২৩ নামৰ এটা মাৰাথন দৌৰ প্ৰতিযোগিতা আজি সন্ধিয়া কাজিৰঙাত মুকলি কৰে কণ্ঠশিল্পী জুবিন গাৰ্গে৷ আল্ট্ৰা ৰাণৰ উদ্যোক্তা অভিজিৎ গগৈয়ে কয় যে, অসমৰ মাৰাথন খেলুৱৈসকলক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উত্তৰণ ঘটোৱাৰ এক পৰিৱেশ আনি দিয়াৰ মূল লক্ষ্য সন্মুখত ৰাখি অসমত পোনপ্ৰথমবাৰৰ বাবে মুম্বাইৰ এটা ট্ৰেভেল দল Anvayinsয়ে আয়োজন কৰিছে এই মাৰাথন প্ৰতিযোগিতা৷

Advertisment

গগৈয়ে কয় যে, কাইলৈ পুৱা কাজিৰঙাৰ বৰগছ ৰিজ'ৰ্টৰ পৰা আৰম্ভ হ’বলগীয়া মাৰাথন দৌৰ প্ৰতিযোগিতাক ৫ কি মি, ১৪ কি মি, ২৬ কি মি আৰু ৫২ কি মি হিচাপে চাৰিটা ভাগত বিভক্ত কৰা হৈছে৷ দেশৰ বিভিন্ন প্ৰান্তৰ ১৮ খন ৰাজ্যৰ ৪০০ প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰিছে এই মাৰাথন প্ৰতিযোগিতাত৷

তেখেতে লগতে কয় যে, অসমত প্ৰথমবাৰৰ বাবে ৫২ কিঃ মিঃ দূৰত্বৰ মাৰাথন দৌৰ আয়োজন হৈছে৷ আনহাতে, 'ৰাণ ফ’ৰ দ্য ৰাইন’ নামেৰে কাজিৰঙাৰ গঁড় সুৰক্ষাৰ বিষয়টো এই মাৰাথনতে সন্নিৱিষ্ট কৰি কাজিৰঙাৰ সুৰক্ষাত ব্ৰতী থকা চৰকাৰী-বেচৰকাৰী সকলো পক্ষকে শ্ৰদ্ধা জনায় উদ্যোক্তাই৷

ইপিনে, উদ্যোক্তাৰ তৰফৰ পৰা আজি সন্ধিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক উদ্যানৰ সুৰক্ষা তথা সামগ্ৰিক উত্তৰণৰ বাবে ৩ লাখ টকাৰ চেক প্ৰদান কৰে৷ উল্লেখ্য যে, শনিবাৰে পুৱা মাৰাথন অনুষ্ঠিত হোৱাৰ প্ৰাকক্ষণত আজি সন্ধিয়া বৰগছ ৰিজ'ৰ্টত এটি অনুষ্ঠান অনুষ্ঠিত কৰে উদ্যোক্তাই৷

আল্ট্ৰা ৰাণৰ এই অনুষ্ঠানত কণ্ঠশিল্পী জুবিন গাৰ্গে মাৰাথন টি চাৰ্ট মুকলি কৰি হাতত জুই শিখা লৈ মুকলি কৰে৷ আনহাতে, কাজিৰঙা সুৰক্ষাৰ সকলোকে ওলাই আহিবলৈ আহ্বান জনায় জুবিনে৷

Also Read: প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকাঃ এইদৰে চাব পাৰিব তালিকা...

কাজিৰঙা জুবিন গাৰ্গ