/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/1fe89259-032b-49eb-9cd2-f3d142c5f75e/nagaland_election.jpg)
প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকাঃ এইদৰে চাব পাৰিব তালিকা...
ডিজিটেল সংবাদ গুৱাহাটীঃ পহিলা জানুৱাৰী ২০২৩ ক ভিত্তি হিচাপে লৈ আজি প্ৰকাশ পালে সমগ্ৰ অসমৰ লগতে কামৰূপ মহানগৰ জিলাৰ চাৰিটা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা। প্ৰকাশিত চূড়ান্ত ভোটাৰ তালিকা অনুসৰি জিলাখনৰ চাৰিটা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হʼল ১১,৭৯,৪৬৭ গৰাকী।
ইয়াৰে মুঠ পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ৫,৮০,২৩১ মুঠ মহিলা ভোটাৰৰ সংখ্যা হʼল ৫৯,৯,১৯৬ আৰু মুঠ তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হʼল ৪০ জন। আনহাতে মুঠ ভোট কেন্দ্ৰৰ সংখ্যা হʼল ১২০৪ টা।
জনসাধাৰণৰ জ্ঞাতাৰ্থে হেঙেৰাবাৰীৰ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়, উত্তৰ গুৱাহাটী চক্ৰ বিষয়া তথা জালুকবাৰীৰ ভোটাৰ পঞ্জীয়ক বিষয়াৰ কাৰ্যালয়, দিছপুৰ ৰাজহ চক্ৰ বিষয়া তথা দিছপুৰ সমষ্টিৰ ভোটাৰ পঞ্জীয়ক বিষয়াৰ কাৰ্যালয়, গুৱাহাটী ৰাজহ চক্ৰ বিষয়া তথা পূৱ গুৱাহাটী সমষ্টিৰ ভোটাৰ পঞ্জীয়ক বিষয়াৰ কাৰ্যালয়, আজাৰা ৰাজহ চক্ৰ বিষয়া আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ ভোটাৰ পঞ্জীয়ক বিষয়াৰ কাৰ্যালয়ৰ লগতে ৫১ নং জালুকবাৰী, ৫২ নং দিশপুৰ, ৫৩ নং পূৱ গুৱাহাটী আৰু ৫৪ নং পশ্চিম গুৱাহাটী সমষ্টিৰ সংশ্লিষ্ট ভোট কেন্দ্ৰসমূহত এই চূড়ান্ত ভোটাৰ তালিকা উপলব্ধ হʼব।
ইয়াৰ উপৰিও www.ceoassam.nic.in - এই লিংকত ক্লিক কৰিও চাব পাৰিব চূড়ান্ত ভোটাৰ তালিকাখন।