হেপ্পী বাৰ্থ দে' হাৰ্টথ্ৰ'ব...

৫০ বছৰীয়া হ'ল জুবিন গাৰ্গ

author-image
Asomiya Pratidin
New Update
হেপ্পী বাৰ্থ দে' হাৰ্টথ্ৰ'ব...

zubeen garg

ডিজিটেল ডেস্ক : ১৯৭২চনৰ ১৮ নৱেম্বৰ অৰ্থাৎ আজিৰ দিনটোতে মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰিছিল অসমবাসীৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গে। আজি ৫০ বছৰত ভৰি দিলে জনপ্ৰিয় কণ্ঠশিল্পী তথা অসম গৌৰৱ জুবিন গাৰ্গে। ১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত পাশ্চাত্য একক পৰিৱেশনত স্বৰ্ণ পদক অৰ্জন কৰাটোৱেই আছিল জুবিনৰ জীৱনৰ টাৰ্ণিং পইণ্ট। আৰু তেতিয়াৰ পৰাই সংগীতৰ জনগতখন হৈ পৰিল তেখেতৰ বাবে অতিকে আপোন।

Advertisment

জুবিন গাৰ্গ এগৰাকী ভাৰতৰ প্ৰসিদ্ধ কণ্ঠশিল্পী, সংগীত পৰিচালক, গীতিকাৰ, চলচ্চিত্ৰ পৰিচালক তথা অভিনেতা। তেখেতে অসমীয়া, হিন্দী, বঙালী, বড়োকে ধৰি কেইবাটাও ভাষাত কণ্ঠদান কৰিছিল। যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'বগৰাকীৰ জন্মদিনটো বিভিন্ন স্থানত উদযাপনৰ প্ৰস্তুতি চলোৱাৰ লগতে যোৰহাটতো বৰ্ণাঢ্য কাৰ্যসূচীৰে জুবিন গাৰ্গ ফেন ক্লাৱে উদযাপনৰ ব্যাপক আয়োজন কৰিছে।

আৰু পঢ়ক : নগাঁৱৰ বিভিন্ন প্ৰান্তত গৰু চুৰি অব্যাহতঃ চোৰক শীৰ্ঘে গ্ৰেপ্তাৰৰ দাবী...

assam zubeen garg