সূৰ্য্য উদয়ৰ দেশত মোৰ অনুভৱ অনান্য: সাংসদ ডঃ সুধাংশু ত্ৰিবেদী

অসম চৰকাৰৰ পৰ্যটন বিভাগ, প্ৰজ্ঞা প্ৰৱাহ আৰু ইনটেলেক্সুৱেল ফৰাম অফ নৰ্থ ইষ্ট ইণ্ডিয়া {Intellectual Forum of North East India(IFNE)}ৰ উদ্যোগত অহা ২২ ছেপ্টেম্বৰৰ পৰা ২৪ ছেপ্টেম্বৰলৈ শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰত অনুষ্ঠিত হব "লোক মন্থন-২০২২"।

author-image
Asomiya Pratidin
New Update
সূৰ্য্য উদয়ৰ দেশত মোৰ অনুভৱ অনান্য: সাংসদ ডঃ সুধাংশু ত্ৰিবেদী

ডিজিটেল ডেস্ক: "সূৰ্য্য উদয়ৰ দেশত মোৰ অনুভৱ অনান্য। এই মন্তব্য ৰাজ্য সভাৰ সাংসদ ডঃ সুধাংশু ত্ৰিবেদীৰ। অসম চৰকাৰৰ পৰ্যটন বিভাগ, প্ৰজ্ঞা প্ৰৱাহ আৰু ইনটেলেক্সুৱেল ফৰাম অফ নৰ্থ ইষ্ট ইণ্ডিয়া {Intellectual Forum of North East India(IFNE)}ৰ উদ্যোগত অহা ২২ ছেপ্টেম্বৰৰ পৰা ২৪ ছেপ্টেম্বৰলৈ শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব "লোক মন্থন-২০২২"।

তাৰেই প্ৰাৰম্ভিক কাৰ্যসূচী হিচাপে মঙলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত লোক মন্থন "যুৱ মন্থন" শীৰ্ষক এটি অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি উত্তৰ প্ৰদেশ লক্ষ্ণৌৰ সাংসদ, পণ্ডিত ডঃ সুধাংশু ত্ৰিবেদীয়ে লগতে কয় যে, "পূৰ্বে হোৱা ঘটনা বৰ্তমান পৰিভাষাত জীয়াই থকা সামাজিক চিন্তন হৈছে আমাৰ ইতিহাস।

লাচিত বৰফুকনৰ স্মৰন কৰি তেওঁ কয় যে মোগলৰ আতাইতকৈ শক্তিশালী ঔৰংগজেৱক সৈন্যক তেওঁ হেৰুৱাইছল, তেওঁ অকল দেশৰ এটা প্ৰান্তৰ বীৰ নহয় তেওঁ ভাৰতৰ বীৰ হয়।" এনেদৰে মানসিক, ভোগলিক, সাংস্কৃতিক, সকলো সামৰি, নৱপ্ৰজন্মক দেশমাতৃৰ প্ৰতি উদ্ধুদ্ধ হবলৈ আহ্বান জনাই সাৱলীল ভাষন প্ৰদান কৰে।

অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ননীগোপাল মহন্তৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটিত প্ৰজ্ঞা প্ৰৱাহৰ ৰাষ্ট্ৰীয় আহ্বায়ক জে নন্দ কুমাৰে উপস্থিত থাকি "ভাৰত ৰাষ্ট্ৰৰ স্বৰূপ হৈছে লোক সংস্কৃতি" বুুলি ভাষন প্ৰদান কৰে। অনুষ্ঠানটিত জে নন্দ কুমাৰৰ "lok beyond folk" শীৰ্ষক এখনি গ্ৰন্থ উন্মোচন কৰা হয়।

ডঃ দেৱাশিষ শইকীয়া, ডঃ হিৰক জ্যোতি শৰ্মাই আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে এটি বৰগীত পৰিৱেশন কৰে যোৰহাট সাউদকুচি সত্ৰ সত্ৰাধিকাৰ প্ৰনৱ প্ৰাণ গোস্বামীয়ে। উল্লেখ্য যে ভাৰতীয় চিন্তা আৰু পৰম্পৰাৰ প্ৰাচীনত্ব আৰু বিশেষত্বৰ ভেটি হৈছে লোক পৰম্পৰা। ভাৰতীয় পৰম্পৰা সকলোতকৈ শক্তিশালী তথা বৈজ্ঞানিক ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত এক চিৰপ্ৰবাহিত জীৱনধাৰা।

এই ভাৰতীয় লোক পৰম্পৰা, স্বাভিমানী ইতিহাসক নৱপ্ৰজন্মৰ লগত পৰিচয় কৰাই মূল শিপাৰ লগত সংলগ্ন কৰাৰ উদ্দেশ্যে "লোক মন্থন" শীৰ্ষক এই অনুষ্ঠান ২০১৬ চনৰ পৰা আৰম্ভ হৈছে। এই প্ৰয়াসেৰে বিগত বৰ্ষ সমূহত ভূপাল, ৰাঁচী আদি বিভিন্ন প্ৰান্তত ভিন্ন কাৰ্যসূচীৰে সফল ৰূপায়নৰ পাছত এইবেলি বিশাল কাৰ্যসূচীৰে গুৱাহাটীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত "লোক মন্থন-২০২২" অনুষ্ঠিত হব।

তাৰেই আৰম্ভণি কাৰ্যসূচী হিচাপে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি কে বি প্ৰেক্ষাগৃহত লোক মন্থন-২০২২ ৰ যুৱ মন্থনৰ "ভাৰত বোধ" শীৰ্ষক এখনি কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হয়। গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ বানিজ্য বিভাগৰ অধ্যাপক ডঃ প্ৰশান্ত শৰ্মাই উদ্ধোধন কৰা কুইজ প্ৰতিযোগিতা খনি পৰিচালনা কৰে দৈনিক অসমৰ সহ সম্পাদক তথা জনপ্ৰিয় কুইজ মাষ্টাৰ দিপাংকৰ কৌশিকে।

কুইজ প্ৰতিযোগিতা খনিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুঠ ৮০ টা দলে দলে অংশ গ্ৰহণ কৰে। গাম্ভীৰ্য্যপূৰ্ন অনুষ্ঠানটিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ হেমন্ত কুমাৰ নাথ, লোক মন্থন-২০২২ ৰ কাৰ্যকৰী সভানেত্ৰী ডঃ গাৰ্গী শইকীয়া মহন্ত, সম্পাদক ৰাজীৱ দত্ত, সুুৰঞ্জন দত্ত, ৰাজীৱ শৰ্মা, জয়দীপ গুপ্তা, ডঃ কন্দৰ্প শইকীয়া, হিমাংশু শৰ্মাকে আদি কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, ছাত্ৰ ছাত্ৰী, অতিথি সহ সহস্ৰাধিক লোক উপস্থিত থাকে।

https://www.asomiyapratidin.in/national/jaymala-new-video-viral

assam guwahati