নতুন ভিডিঅ' ভাইৰেল; গা ধুইছে, খেলিছে জয়মালাই

বৰ্তমান চৰ্চাত আছে জয়মালা। অসমৰ পৰা তামিলনাডুলৈ নিয়া হাতীটোৰ লগত কৰা বৰ্বৰতাৰ বিভিন্ন ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত প্ৰচাৰ হৈছে। ইয়াৰ পাছতেই হাতীটোৰ ন্যায়ৰ দাবীত আগবাঢ়ি আহিছে বহুজন।

author-image
Asomiya Pratidin
New Update
নতুন ভিডিঅ' ভাইৰেল; গা ধুইছে, খেলিছে জয়মালাই

ডিজিটেল ডেস্ক: বৰ্তমান চৰ্চাত আছে জয়মালা। অসমৰ পৰা তামিলনাডুলৈ নিয়া হাতীটোৰ লগত কৰা বৰ্বৰতাৰ বিভিন্ন ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত প্ৰচাৰ হৈছে। ইয়াৰ পাছতেই হাতীটোৰ ন্যায়ৰ দাবীত আগবাঢ়ি আহিছে বহুজন।

Advertisment

কিন্তু জয়মালাৰ এক নতুন ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। জয়মালাৰ এই ভিডিঅ' ছ'চিয়েল মিডিয়াত শ্বেয়াৰ হৈছে। টুইটাৰত পেটাই শ্বেয়াৰ কৰা ভিডিঅ'টিত লিখিছে'' শ্ৰীবিল্লীপুথুৰ অন্দল মন্দিৰত জয়মালা। ভালদৰে আছে । হাতীটোক ভালদৰে চোৱাচিতা কৰা হৈছে। লগতে গা ধুওৱাৰ ব্যৱস্থাও কৰা হৈছে। ছ'চিয়েল মিডিয়াত ভুৱা ভিডিঅ প্ৰচাৰ হৈ আছে।কিন্তু এই ভিডিঅ'টি আজিৰ হয় ''।

উল্লেখ্য যে, এই ভিডিঅটিৰ সত্যাসত্য এতিয়ালৈকে নিৰূপন হোৱা নাই। টুইটাৰত পেটাক এই ভিডিঅটি শ্বেয়াৰ কৰা হৈছে। জয়মালাক ঘূৰাই আনিবলৈ অসম চৰকাৰে বিভিন্ন ব্যৱস্থা হাতত লৈছে যদিও এতিয়ালৈকে সক্ষম হোৱা নাই।

assam tamilnadu jaymala elephant