/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/1335e893-85bf-4db1-842c-48a0928d3074/Tin.jpg)
ডিজিটেল সংবাদ, তিনিচুকীয়া : চতুৰ্থ শ্ৰেণীৰ চাকৰিত মকৰল দিয়াৰ নামত ভুৱা নিযুক্তিপত্ৰ বিলাই ধন সংগ্ৰহ কৰাৰ অভিযোগত শুকুৰবাৰে পুৱা পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণ থানাৰ আৰক্ষীয়ে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত দুজন ঠিকাভিত্তিক কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে । ইয়াকে কেন্দ্ৰ কৰি জিলা উপায়ুক্ত কাৰ্যালয়ত চাঞ্চল্যৰ সৃষ্টি হয়।
ধৃত কৰ্মচাৰীদুজন দীপক থাপা আৰু প্ৰদীপ তান্দিয়া বুলি জানিব পৰা গৈছে । তদুপৰি সেই একে অভিযোগত হামৰেণ আৰক্ষীয়ে মৰাণৰ পৰা আন এজনক গ্ৰেপ্তাৰ কৰে । তেওঁ তিনিচুকীয়া জিলাৰ বাৰেকুৰি নিবাসী অনিল মৰাণ বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে।
ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ (বি)/ ৪১৯/৪৬৮/৪৭১ ধাৰাত হামৰেণ থানাত পঞ্জীয়নভুক্ত ১৪/২৩ নম্বৰ গোচৰৰ অধীনত যুৱক কেইজনৰ গ্ৰেপ্তাৰ কৰা হৈছে । অভিযানকাৰী আৰক্ষীৰ দলটোৱে অধিক তথ্যৰ বাবে তিনিওজনক হামৰেণ থানালৈ লৈ যায়। উল্লেখযোগ্য যে, ধৃত তিনিজনে বিভিন্ন চৰকাৰী বিভাগত চতুৰ্থ শ্ৰেণীত চাকৰি দিয়াৰ নামত বিভিন্নজনক ভুৱা নিযুক্তিপত্ৰ প্ৰদান কৰি লাখ লাখ টকা সংগ্ৰহ কৰা বুলি প্ৰাপ্ত অভিযোগৰ ভিত্তিত হামৰেণ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে।
Also Read: ৩.৫০ লাখ নাম পঞ্জীয়নেৰে ধেমাজিত আয়ুষ্মান ভাৰত কাৰ্ড বিতৰণৰ শুভাৰম্ভ...