/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/c9e997a0-b335-44c5-b29b-ac19d275b40a/Bitoron.jpg)
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলাৰ চিচিবৰগাঁও গাওঁপঞ্চায়তৰ কাৰ্যালয়ৰ সভাগৃহত আয়ুষ্মান-ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান-অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ শুকুৰবাৰে কাৰ্ড বিতৰণ অনুষ্ঠান আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰা হয়। অনুষ্ঠানৰ শুভৰাম্ভ কৰে জোনাই বিধান সভা সমষ্টিৰ বিধায়ক ভূৱন পেগুয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/6c3fa2e6-ac00-4a05-869b-6a34df1554b1/4d768a9a_7b79_4c35_aca3_f159d71853d1.jpg)
অনুষ্ঠানত জিলা উপায়ুক্ত অংকুৰ ভৰালী, অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ ফুকন, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডঃ সৌৰভ কুমাৰ গগৈকে আদি কৰি বিষয়াসকল উপস্থিত থাকে। অনুষ্ঠানত পাঁচগৰাকী হিতাধিকাৰীক উক্ত অনুষ্ঠানত কাৰ্ড বিতৰণ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/87b797e5-5af0-4019-a048-da65ff2bfd11/8dc815ec_9869_4c9a_a288_5297be62b83f.jpg)
উল্লেখ্য যে জিলাখনত ৩,৫০,০০০ জন লোকৰ নাম ইতিমধ্যে আয়ুষ্মান-ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান-অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ কাৰ্ড ৰ বাবে পঞ্জীয়ন কৰা হৈছে। ইয়াৰে এতিয়ালৈ ৯৪,০০০ খন কাৰ্ড পোৱা গৈছে আৰু বাকী সকলক পৰৱৰ্তী পৰ্যায়ত বিতৰণ কৰিব বুলি জানিবলৈ দিয়ে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/ce415aa7-a687-41de-8009-fcfc183bcf30/55b7f29a_222a_4a7c_91dc_594190a31080.jpg)
Also Read: পোহনীয়া ছাগলীৰ বাবে পাত কাটিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু যুৱকৰ...