যুৱ সাংবাদিক সন্থা,অসম ২০২২ বৰ্ষৰ বিশেষ বঁটা আৰু সন্মান ঘোষণা

ঘোষণা কৰা হ'ল যুৱ সাংবাদিক সন্থা,অসমৰ ২০২২বৰ্ষৰ বিশেষ বঁটা আৰু সন্মান। অসমৰ সাংবাদিক ক্ষেত্ৰৰ অন্যতম পুৰোধা ব্যক্তি,প্ৰবীন সাংবাদিক কনকসেন ডেকাক সম্বৰ্দ্ধনা আৰু বিশেষ সন্মান প্ৰদান কৰা হ’ব ৷

author-image
Asomiya Pratidin
New Update
যুৱ সাংবাদিক সন্থা,অসম ২০২২ বৰ্ষৰ বিশেষ বঁটা আৰু সন্মান ঘোষণা

ডিজিটেল ডেস্ক: ঘোষণা কৰা হ'ল যুৱ সাংবাদিক সন্থা,অসমৰ ২০২২বৰ্ষৰ বিশেষ বঁটা আৰু সন্মান। অসমৰ সাংবাদিক ক্ষেত্ৰৰ অন্যতম পুৰোধা ব্যক্তি,প্ৰবীন সাংবাদিক কনকসেন ডেকাক সম্বৰ্দ্ধনা আৰু বিশেষ সন্মান প্ৰদান কৰা হ’ব ৷

লগতে এনকে টিভিৰ পৰিচালন সম্পাদক পৰাগমণি আদিত্যলৈ “সংবাদ শিৰোমণি সন্মান ”আৰু নিউজ লাইভৰ ডিব্ৰুগড়ৰ ব্যুৰচীফ সুৰজ দত্তলৈ “বৰ্ষশ্ৰেষ্ঠ সাংবাদিকতাৰ সন্মান ঘোষণা কৰা হৈছে ৷

ৰাজ্যৰ আধুনিক সাংবাদিকতা ক্ষেত্ৰ খনৰ অন্যতম বাটকটীয়া কনক সেন ডেকাৰ লগতে আন দুয়ো জন যুৱ সাংবাদিককে ২০২৩বৰ্ষৰ ১০ফ্ৰেব্ৰুৱাৰীত যুৱ সাংবাদিক সন্থা,অসমৰ প্ৰতিষ্ঠা দিৱসত গুৱাহাটী প্ৰেছ ক্লাবত সম্বৰ্ধনা জনোৱাৰ লগতে বঁটা প্ৰদান কৰা হ’ব ৷

আৰু পঢ়ক: ছোৱালী যোগান ধৰা পল্লৱী শইকীয়াৰ পাৰ্লাৰত কি কাম ৰাজ্যৰ এজন জনপ্ৰিয় কণ্ঠশিল্পীৰ...

assam journalist