পোহনীয়া ছাগলীৰ বাবে পাত কাটিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু যুৱকৰ...

বাইহাটা চাৰিআলিৰ খালেদলত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু। পোহনীয়া ছাগলীৰ বাবে গছৰ পাত কাটিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হয় যুৱকজনৰ। মৰণোৰ পৰীক্ষাৰ ব্যৱস্থা বাইহাটা চাৰিআলি আৰক্ষীৰ...

author-image
Asomiya Pratidin
New Update
পোহনীয়া ছাগলীৰ বাবে পাত কাটিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু যুৱকৰ...

ডিজিটেল সংবাদ, দুমুনিচকী : বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত তথা বাইহাটা চাৰিআলি বিদ্যুৎ উপসংমণ্ডৰ অন্তৰ্গত খালেদল গাঁৱৰ এজন যুৱকে শুকুৰবাৰে বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যুক সাৱতি লয়। জানিব পৰা মতে, খালেদল গাঁৱৰ মজিবৰ ৰহমানৰ পুত্ৰ তফিকৰ ৰহমানে (৩৫) দিনৰ প্ৰায় ১ বজাত পোহনীয়া ছাগলীৰ বাবে গছৰ পাত আনিবলৈ যায়।

Advertisment

ঘৰৰ সমীপত থকা গছৰ পাত কাটিবৰ বাবে এখন লোৰ নাল থকা হাঁকুটিৰে গছৰ পাত কটিবলৈ আৰম্ভ কৰাৰ সময়তে বৈদ্যুতিক খুঁটাৰ পৰা ঘৰৰ মিটাৰলৈ সংযোগ হৈ থকা তাঁৰ কটা গৈ লোৰ নাল থকা হাঁকুটিৰে বিদ্যুৎস্পৃষ্ট হৈ ঢলি পৰে। স্থানীয় লোকে চিকিৎসকৰ ওচৰলৈ লৈ যায় যদিও ইতিমধ্যে তফিকৰ ৰহমানৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে। ঘটনা সম্পৰ্কে বাইহাটা চাৰিআলি আৰক্ষী অৱগত হোৱাত মৃত তফিকৰ ৰহমানৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। সম্প্ৰতি তফিকৰ ৰহমানৰ মৃতদেহ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ মৰ্গত ৰখা হৈছে।

Also Read: প্ৰাক বাৰিষাতেই খহিছে কুমটীয়া নৈৰ কোটিটকীয়া মথাউৰি...

Assam police