/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/431a77a5-0da2-480d-bd65-2c690d04d406/Mathauri.jpg)
ডিজিটেল সংবাদ, ধেমাজি : বাৰিষা আৰম্ভ নৌহওঁতেই পুনৰ বাৰ ভয় আৰু শংকাত জীৱন কটাবলগীয়া হৈছে ধেমাজি বৰদলনিৰ কুমটীয়া নৈৰ পাৰৰ ৰাইজে। অসম চৰকাৰৰ জলসম্পদ বিভাগৰ অধীনৰ কুমটীয়া নৈৰ দুয়োপাৰৰ মথাউৰি নিৰ্মাণৰ বাবে প্ৰায় ৩৩ কোটিৰ টকা আবন্টণ দিছিল যদিও সমুদায় টকা এতিয়া পানীত পৰাৰ সম্ভাৱনাই প্ৰকট হৈ পৰিছে । বাৰিষা আৰম্ভ হোৱাৰ আগতে এই জেঠ মাহতে অহা দুই-এজাক বৰষুণত জহি খহি গৈছে দুয়োটা মথাউৰি। শুকুৰবাৰে সদৌ ধেমাজি জিলা ছাত্র সন্থাৰ এটা সজাঁতি দলে উক্ত মথাউৰি পৰিদৰ্শন কৰি জলসম্পদ বিভাগ আৰু ঠিকাদাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/bb2fbf3d-54ce-4536-8ef2-ce14d942ff79/cbe96750_8bb4_4b2f_ae3c_67d473b834dc.jpg)
ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি সঞ্জীৱ দাস আৰু সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁইয়ে কয় যে, জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাক বুঢ়া আঙুলি দেখুৱাই ধেমাজি জলসম্পদ বিভাগ এতিয়া ঠিকাদাৰৰ পকেটত। মথাউৰিসমূহ নিৰ্মাণ কৰাৰ ক্ষেত্রত কোনো ধৰণৰ পৰিকল্পিত আৰু বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন নকৰাৰ পৰিপেক্ষিতত কুমতীয়া নদীৰ দুয়োপাৰে মথাউৰিৰ মাটি আজি বাৰিষা নহওঁতেই দুজাক বৰষুণতেই চপৰা চপৰে খহিবলৈ ধৰিছে। ইয়াৰ ফলত নদী কাষৰীয়া ৰাইজ এতিয়া শংকিত হৈ পৰিছে। এইসকল লোকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ ক্ষেত্রত ভাবুকি আহি পৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/27f72916-9366-4427-abef-c47a8cb65c00/2e1e1bea_a1fc_4567_8f26_564f26fcbd1a.jpg)
প্ৰতিবছৰে এইসকল লোকে জীয়াতু ভুগিবলগীয়া হৈছে। দৰাচলতে জলসম্পদ বিভাগৰ চূড়ান্ত গাফিলতি আৰু দায়িত্বহীন মনোভাৱৰ লগতে ঠিকাদাৰৰ ময়মতালিৰ কাৰণে এনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ সদৌ অসম ছাত্র সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰবি কছাৰি আৰু জিলাৰ উপদেষ্টা দিপক শৰ্মাই জলসম্পদ মন্ত্রীগৰাকীক প্ৰত্যাহ্বান জনায় কয় যে, জলসম্পদ বিভাগৰ মন্ত্রীগৰাকীয়ে অনতিপলমে কুমটীয়া নৈৰ মথাউৰি পৰিদৰ্শন কৰিবলৈ আহক আৰু সেই মথাউৰি নিৰ্মাণত যদি মন্ত্ৰী বিধায়কৰ কমিছন জড়িত হৈ থকা নাই তেন্তে তাৎক্ষণিক ভাবে মথাউৰি নিৰ্মাণৰ দায়িত্বত থকা বিষয়া-ঠিকাদাৰৰ ওপৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰি ৰাইজক দেখুৱাক ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/13030e71-3ebe-437f-af76-f8bd4a10bb78/4927408e_c712_4a59_b934_23f3c469a6f5.jpg)
স্থানীয় বিধায়ক তথা মন্ত্রী আৰু সাংসদ গৰাকীৰ আৰ্শীবাদপুষ্ঠ তেওঁলোকৰ অতি ঘনিষ্ঠ বুলি দম্ভালি মাৰি থকা ঠিকাদাৰে জনে নিজৰ মইমতালিৰে মথাউৰি নিৰ্মাণ কৰাৰ বাবে আজি এই অৱস্থাৰ সৃষ্টি হৈছে। প্ৰাককলন অনুসৰি পূৰ্বৰ মথাউৰি ঘাঁহ-বন সম্পূৰ্ণৰূপে চিকুণাই নোলৱাৰ লগতে কেৱল বালিৰে মথাউৰি নিৰ্মাণ কৰি কোটি টকা হস্তগত কৰিবলৈ চেষ্টা কৰিছে বুলি সদৌ ধেমাজি জিলা ছাত্র সন্থাই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । জিলা ছাত্র সন্থাৰ সজাঁতি দলটোত সোণমইনা শইকীয়া, কৰুণজ্যোতি চেতিয়াৰ লগতে বৰদলনি আঞ্চলিক ছাত্র সন্থাৰ সভাপতি কুশল কৃঞ্চ ফুকনৰ লগতে কেইবাজনো ছাত্র কৰ্মী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।
Also Read: কন্যাসহ নিৰুদ্দেশ মাতৃ; পৰিয়ালৰ লোকৰ বিশেষ আহ্বান...