/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/2b7fa940-67e2-4875-ba40-68a280d0da9c/apa.jpg)
ডিজিটেল সংবাদ,লালুক : বঙালমৰাৰ সমীপৰ আমগুৰি খ’ৰা গুৱালগাঁৱত বুধবাৰে দুপৰীয়া সংঘটিত হয় এক মৰ্মান্তিক ঘটনা ৷ এটা পুখুৰীৰ পানীত ডুব যোৱাৰ ফলত প্ৰায় ১৯ বছৰীয়া যুৱকৰ মৃত্যু হয় ৷
জানিব পৰা মতে খ’ৰা গুৱালগাঁৱৰ বাসিন্দা বুবুল হাজৰিকাৰ একমাত্ৰ পুত্ৰ হেমন্ত (অপু) হাজৰিকাই (১৯) নিজৰ সম্পৰ্কীয় ভায়েকৰ লগত সাঁতুৰিবলৈ গৈ পথাৰৰ এটা ডাঙৰ পুখুৰীত পৰি অকাল মৃত্যুক আকোঁৱালি লয়। উল্লেখ্য যে কিছুদিন পূৰ্বে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ স্নাতক শাখাত নাম ভৰ্তি কৰা হেমন্ত হাজৰিকাৰ আকস্মিক বিয়োগে পৰিয়াল তথা অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
Also Read: মিঠাতেল ভৰ্তি বটলত মাখিৰ উপস্থিতি : গ্ৰাহকৰ প্ৰতিক্ৰিয়া