মিঠাতেল ভৰ্তি বটলত মাখিৰ উপস্থিতি : গ্ৰাহকৰ প্ৰতিক্ৰিয়া

মিঠাতেল ভৰ্তি বটলত মাখিৰ উপস্থিতি : গ্ৰাহকৰ প্ৰতিক্ৰিয়া

ডিজিটেল সংবাদ,দৰং : ব্যৱসায়ৰ বাবে প্ৰস্তুত কৰা মিঠাতেলৰ বটলত ওলাল মাখি। দৰঙ জিলাৰ এটি ব্যৱসায়িক প্ৰতিষ্ঠানত খোৱাৰ উপযোগীকৈ প্ৰস্তুত কৰা মিঠাতেলৰ বটলত মাখি ওলোৱাকলৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

জানিব পৰা মতে, খাৰুপেটীয়াস্থিত 'হাঁহ' নামৰ খাদ্যবস্তু প্ৰস্তুত কৰা প্ৰতিষ্ঠানটোৰ মাৰ্কা থকা এটি মিঠাতেল ভৰ্তি বটলত মাখিৰ উপস্থিতি ধৰা পৰাকলৈ একাংশ গ্ৰাহকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। একাংশ সচেতন লোকে উক্ত প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰি কয়, কিমান সাৱধানতাৰে মিঠাতেল প্ৰস্তুত কৰি আছে হাঁহ কোম্পানীয়ে ? ৰাজ্যৰ বজাৰসমূহত বাৰুকৈয়ে প্ৰভাৱ পেলোৱা হাঁহ কোম্পানীৰ এনে কাৰ্যই উদঙাইছে কোম্পানীটোৰ প্ৰকৃত নমুনা।

জানিব পৰা মতে ধূলাৰ দোকানী এজনৰ পৰা গ্ৰাহক এজনে ক্ৰয় কৰিব লৈছিল মিঠাতেল। তাৰ পিছতে ধৰা পৰে মিঠাতেল ভৰ্তি বটলত মাখিৰ উপস্থিতি। যাক লৈ শংকিত হৈ পৰিছে সচেতন গ্ৰাহকসকল।

'হাঁহ' কোম্পানীৰ বিৰুদ্ধে সচেতন ৰাইজে দৰং জিলা উপায়ুক্ত তথা দৰং প্ৰশাসনক উচিত ব্যৱস্থাৰ বাবে অনুৰোধ জনায়।

মিঠাতেল ভৰ্তি বটলত মাখিৰ উপস্থিতি : গ্ৰাহকৰ প্ৰতিক্ৰিয়া
হাইলাকান্দিত চাকৰিৰ পৰা বহিষ্কৃত আৰক্ষী কনিষ্টবল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in