/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/4931ccea-e1fb-493e-b38f-254eb3157a11/576.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাট : আজি ২০২৩ বৰ্ষটোৰ অন্তিম দিন। এই অন্তিম দিনটোত সকলোৱে বনভোজৰ আনন্দ উল্লাসৰ মাজেৰে এসাজ খাই পুৰণিক বিদায় দি নতুনক আদৰিবলৈ ঢাপলি মেলিছে বনভোজস্থলীলৈ । কিন্তু তেনে সময়তে দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য ।
জামুগুৰিহাটৰ দুই যুৱ সাংবাদিক চন্দন শৰ্মা আৰু প্ৰেম তিৱাৰীয়ে বনভোজৰ আনন্দ উল্লাসৰ পৰা বিৰত হৈ সমূহ অসমবাসী ৰাইজক নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাই এক ব্যতিক্ৰমী ৰূপত নামেৰী বনাঞ্চলৰ ভোকাতুৰ কপিকুলসকলক কিছু খাদ্য সামগ্ৰী যোগান ধৰি এক সুন্দৰ মহানুভৱতাৰ পৰিচয় দিলে। অসম অৰুণাচল সীমান্তৰ নামেৰী বনাঞ্চল পাৰ হৈ ভালুকপুঙ বনভোজ স্থলীলৈ হেজাৰ হেজাৰ বনভোজ প্ৰেমীৰ আগমন ঘটে ।
ইয়াৰ মাজতে যুৱ সাংবাদিক দুগৰাকীয়ে কপিকুলসকলক ফল-মূল বিতৰণ কৰি এটাই আহ্বান জনাই যে নামেৰী বনাঞ্চলখন যি সকলে পাৰ হৈ যায় এবাৰ হ'লেও সকলোৱে যেন ভোকাতুৰ কপিকুলসকলক কিছু কম পৰিমাণে হ'লেও প্লাষ্টিকৰ মোনাত লৈ অনা খাদ্য সামগ্ৰী বিস্কুট, চানা, ভুজীয়া আদি বৰ্জন কৰি ইয়াৰ পৰিবৰ্তে যাতে কল,আপেল আদি বিভিন্ন ফল-মূল সমুহ যোগান ধৰি ভোকাতুৰ কপিকুলসকলক সকাহ দিয়ে ৷ ইয়াকে উল্লেখ কৰি বিনম্ৰতাৰে অনুৰোধ জনাইছে দুই যুৱ সাংবাদিকে।
Also Read: বছৰৰ অন্তিম দিনটোত উখল-মাখল চৰাইদেউ...