Advertisment

বছৰৰ অন্তিম দিনটোত উখল-মাখল চৰাইদেউ...

বছৰৰ অন্তিম দিনটোত উখল-মাখল চৰাইদেউ...

author-image
Asomiya Pratidin
New Update
বছৰৰ অন্তিম দিনটোত উখল-মাখল চৰাইদেউ...

বছৰৰ অন্তিম দিনটোত উখল-মাখল চৰাইদেউ...

ডিজিটেল সংবাদ চৰাইদেউঃ আজি বছৰৰ অন্তিমটো দেওবাৰ তথা অন্তিমটো দিন। সেয়ে পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ঐতিহাসিক চৰাইদেউ মৈদামস্থলীলৈ অগণন বনভোজকাৰী দলৰ আগমন ঘটিছে ৷

Advertisment

পৰ্যটনৰ কেন্দ্রবিন্দু হিচাপে পৰিগণিত চৰাইদেউত বিশেষকৈ বছৰটোৰ ডিচেম্বৰৰ পৰা জানুৱাৰীলৈকে দর্শনার্থী আৰু পৰ্যটকৰ লানি নিছিগা ভিৰ দেখিবলৈ পোৱা যায়। প্রাকৃতিক মনোমোহা পৰিবেশত তথা আহোম ৰাজত্বকালৰ বিভিন্ন সমলেৰে ভৰপূৰ এই স্থানত বনভোজ দলৰ আগমনে উখল-মাখল পৰিবেশৰ সৃষ্টি কৰে।

বনভোজৰ উপলক্ষত বহু লোক মৈদাম এলেকালৈ আহি মৈদাম দৰ্শনৰ লগতে ইয়াৰ নৈসৰ্গিক পৰিবেশত তৃপ্তিৰে এসাজ খোৱাৰ উপলক্ষত ভিৰ কৰা পৰিলক্ষিত হৈছে।

Also Read: নীলিম কুমাৰৰ 'সেই জন্তুটোৰ নাম কি?' কাব্য গ্ৰন্থলৈ 'অসমীয়া কাব্য সাহিত্য বঁটা'...

চৰাইদেউ