স্বাস্থ্যখণ্ডত চাবুৱাবাসীৰ বাবে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে বিধায়ক পোনাকণ বৰুৱাই

চাবুৱাবাসী ৰাইজে উন্নত চিকিৎসাৰ অভাৱ অনুভৱ কৰি থকাৰ সময়তে দেওবাৰে চাবুৱা মডেল চিকিৎসালয়খনিত বিধায়ক পোনাকণ বৰুৱাই X-ray machine আৰু Ultrasonography ৰ সুবিধাৰ লগতে অন্যান্য আনুসঙ্গিক সুবিধা ৰাইজলৈ মুকলি কৰে

author-image
Asomiya Pratidin
New Update
স্বাস্থ্যখণ্ডত চাবুৱাবাসীৰ বাবে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে বিধায়ক পোনাকণ বৰুৱাই

ডিজিটেল সংবাদ,চাবুৱাঃ চাবুৱাবাসীৰ বাবে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে বিধায়ক পোনাকণ বৰুৱাই। চাবুৱাবাসীক চিকিৎসাৰ ক্ষেত্ৰত কিছু সকাহ দিয়াৰ প্ৰচেষ্টা বিধায়কগৰাকীৰ।

Advertisment

বছৰ বছৰ ধৰি বৃহত্তৰ চাবুৱাবাসী ৰাইজে উন্নত চিকিৎসাৰ অভাৱ অনুভৱ কৰি থকাৰ সময়তে দেওবাৰে চাবুৱা মডেল চিকিৎসালয়খনিত বিধায়ক পোনাকণ বৰুৱাই X-ray machine আৰু Ultrasonography ৰ সুবিধাৰ লগতে অন্যান্য আনুসঙ্গিক সুবিধা ৰাইজলৈ মুকলি কৰে। যাৰ দ্বাৰা সৰ্বসাধাৰণ ৰাইজে যথেষ্ট সহায় পাবলৈ সক্ষম হ'ব।

উল্লেখ্য যে, এসময়ত সাধাৰণ জ্বৰৰ টেবলেট এটা নথকা মডেল হাস্পতালখন বৰ্তমানে বি চি পি এলৰ চি এচ আৰ পুঁজিৰ ৬০ লাখ টকা ব্যয়ৰে চিকিৎসালয়খন ন ৰূপত মেৰামতি কৰাৰ লগতে নতুনকৈ বিভিন্ন ধৰণৰ পৰীক্ষা কৰা যন্ত্ৰ অনাৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ বাবে যথেষ্ট সুবিধা হ'ব বুলি মন্তব্য প্ৰকাশ কৰিছে ।

বিধায়ক পোনাকণ বৰুৱাৰ তৎপড়তাত ৰাইজে আজিৰ পৰা আৰম্ভ কৰা এই সুবিধাৰ ফলত যথেষ্ট উপকৃত হ'ব বুলি সচেতন মহলে সন্তুষ্টি প্ৰকাশ কে। উক্ত শুভাৰম্ভণি অনুষ্ঠানত বি চি পি এলৰ পৰিচালন সঞ্চালক ৰিপ হাজৰিকা, অতিৰিক্ত জিলা উপায়ুক্ত বিশ্বজিত ফুকন ,বি চি পি এলৰ মুখ্য প্ৰৱন্ধক জয়ন্ত বৰুৱা, ডিব্ৰুগড় জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডা০ তৃষ্ণা বড়া, মহকুমা স্বাস্থ্য বিষয়া ডা০ নৱজ্যোতি গগৈ, জেষ্ঠ চিকিৎসক পোনানন্দ খাউণ্ড, দিনজয় সত্ৰৰ সত্ৰাধিকাৰ মুকুদানন্দ চন্দ্ৰ গোস্বামী , লক্ষীমপুৰৰ সহকাৰী যুটীয়া স্বাস্থ্য সঞ্চালক তৰুণ কুমাৰ দেওৰী , পানীতোলা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী পাৰুলমণি বৰুৱা, চাবুৱা পৌৰসভাৰ পৌৰপতি ব্ৰজেন বৰুৱা উপস্থিত থাকে।

Also Read: এইবাৰ ফ্ৰীজত ওলাল ২৮ বছৰীয়া মডেলৰ মৃতদেহৰ টুকুৰা

Medical health and family welfare