আজি চৰাইদেউলৈ আহিব ইউনেস্ক'ৰ ভাৰতীয় প্ৰতিনিধি বিশাল ভি শৰ্মা

আজি চৰাইদেউলৈ আহিব ইউনেস্ক'ৰ ভাৰতীয় প্ৰতিনিধি বিশাল ভি শৰ্মা

author-image
Asomiya Pratidin
New Update
আজি চৰাইদেউলৈ আহিব ইউনেস্ক'ৰ ভাৰতীয় প্ৰতিনিধি বিশাল ভি শৰ্মা

ডিজিটেল সংবাদ,চৰাইদেউঃ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভৰ দিশে অগ্ৰসৰ হোৱাৰ ঐতিহাসিক চৰাইদেউ মৈদামক্ষেত্ৰত শুকুৰবাৰে উপস্থিত হ'ব পেৰিচস্থিত ইউনেস্ক'ত ভাৰতৰ ৰাষ্ট্ৰদূত আৰু স্থায়ী প্ৰতিনিধি বিশাল ভি শৰ্মা ৷ দিনৰ প্ৰায় দুই বজাত ঐতিহাসিক চৰাইদেউ মৈদাম উপস্থিত হৈ ইউনেস্ক'ৰ স্থায়ী প্ৰতিনিধি গৰাকীয়ে মৈদাম ক্ষেত্ৰ ভ্ৰমণ কৰি বুলি জানিব পৰা গৈছে।

ইয়াৰ পূৰ্বে ইউনেস্ক'ৰ বিশেষজ্ঞ প্রতিনিধি দ্বাৰা চৰাইদেউ মৈদামৰ পৰ্যবেক্ষণৰ কাম সম্পাদন কৰা হৈছিল।অসমবাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাই থকা সময়তে ইউনেস্ক'ত ভাৰতৰ ৰাষ্ট্ৰদূত আৰু স্থায়ী প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা বিশাল ভি শৰ্মাইচৰাইদেউ মৈদাম প্ৰত্নতাত্ত্বিক স্থানলৈ পৰিভ্ৰমণ কৰিবলৈ অহা বিষয়টোৱে দীৰ্ঘদিনীয়া আশা পূৰ্ণ হোৱাৰ পথত বুলি স্পষ্ট হৈ পৰিছে৷

Also Read: ''কচ্চি ভাই ৰেষ্টুৰেণ্ট''ত ভয়ংকৰ অগ্নিকাণ্ডঃ নিহত ৪৩ আহত বহুতো...