উন্মোচন হ'ল লেখিকা গিৰিমল্লিকা শইকীয়াৰ সদ্য প্ৰকাশিত গ্ৰন্থ 'অনন্য অৰণ্য'

লেখিকা গিৰিমল্লিকা শইকীয়াৰ সদ্যপ্ৰকাশিত গ্ৰন্থ “অনন্য অৰণ্য” কিছু ব্যতিক্ৰমী ভাৱে “ডিজিটেল প্লেটফর্ম”ৰ জৰিয়তে বিশিষ্ট কথা শিল্পী ডঃ নগেন শইকীয়াই তেখেতৰ বৰ্ণতীৰ্থত উন্মোচন কৰে৷

author-image
Asomiya Pratidin
New Update

উন্মোচন হ'ল লেখিকা গিৰিমল্লিকা শইকীয়াৰ সদ্য প্ৰকাশিত গ্ৰন্থ 'অনন্য অৰণ্য'

ডিজিটেল সংবাদ : পৰিবেশকর্মী তথা লেখিকা গিৰিমল্লিকা শইকীয়াৰ সদ্যপ্ৰকাশিত গ্ৰন্থ “অনন্য অৰণ্য” কিছু ব্যতিক্ৰমী ভাৱে “ডিজিটেল প্লেটফর্ম”ৰ জৰিয়তে বিশিষ্ট কথা শিল্পী ডঃ নগেন শইকীয়াই তেখেতৰ বৰ্ণতীৰ্থত উন্মোচন কৰে৷ নিজৰ উন্মোচনী বক্তব্যত ডঃ শইকীয়াই কয় যে আমাৰ অসম খন অৰণ্য আৰু বন্যপ্ৰাণীৰ লীলা ভূমি যদিও সভ্যতাই ইহঁতক সংকোচন কৰি আনিছে৷  এনে পৰিস্থিতিত পৰিবেশ আৰু বন্যপ্ৰাণী সংক্ষণৰ বাবে লিখিকাই দায়িত্ব সহকাৰে বন্যপ্ৰাণী সংৰক্ষণৰ দিশত কাম কৰাৰ বাবে  ড০ শইকীয়াই সন্তুষ্টি পাইছোঁ বুলি কয়।

Advertisment

লগতে তেওঁৰ অগ্ৰজ সকলেও অনন্য অৰণ্য পঢ়ি বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত অনুপ্ৰাণিত হ'ব বুলি ব্যক্ত কৰে।সাতসৰী আলোচনীৰ সম্পাদক বিশিষ্ট লিখিকা অনুৰাধা শর্মা পূজাৰীয়ে তেখেতৰ শুভেচ্ছামূলক বক্তব্যত কয় যে আজিৰ পৃথিৱীত সকলোতকৈ মহৎ সাহিত্য সৃষ্টি হৈছে প্ৰকৃতি সংৰক্ষণক উদ্দেশ্যি সৃষ্টি হোৱা সাহিত্য সমূহ৷ সচা অন্তৰেৰে প্ৰকৃতিপ্ৰেমী নহ’লে এনে এখন গ্ৰন্থ প্ৰণয়ন কৰা সম্ভৱ নহয় বুলি তেখেতে মন্তব্য কৰে৷

ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা বিশিষ্ট বন্যপ্ৰাণী গৱেষক ডঃ আনোৱাৰউদ্দিন চৌধুৰীয়ে গ্ৰন্থখনিৰ বিভিন্ন শিতান সমূহ আৰু কাৰিকৰী দিশ বোৰ আলোচনা কৰে৷ “অনন্য অৰণ্য” গ্ৰন্থখনিৰ প্ৰকাশক হ’ল “আঁকবাক” আৰু মুল্য ২৯৯ টকা৷ গ্ৰন্থখনি সম্প্ৰতি অসমৰ গ্ৰন্থমেলা, গ্ৰন্থবিপনি আৰু অনলাইনতো উপলব্ধ হৈছে৷

আৰু পঢ়ক : কাকপথাৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা

assam book published