কাকপথাৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা

ৰাজ্যত ইটোৰ পাছত সিটো দুৰ্ঘটনা সংঘটিত হৈ থকাৰ সময়তে পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ কাকপথাৰ।

author-image
Asomiya Pratidin
New Update
অচিনাক্ত বাহনৰ খুন্দাত নিহত বাইক আৰোহী, হোৱা নাই চিনাক্ত...

ডিজিটেল ডেস্ক : ৰাজ্যত ইটোৰ পাছত সিটো দুৰ্ঘটনা সংঘটিত হৈ থকাৰ সময়তে পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ কাকপথাৰ। নিশাৰ ভাগত কাকপথাৰ মাইঠঙৰ ১৫ নং ৰাষ্ট্রীয় ঘাইপথত বলেৰ’ আৰু ইটাভৰ্তি ট্রাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষ ফলত গুৰুতৰ ভাবে আহত হৈছে ৪জনকৈ ব্যক্তি, আন ৩ জনৰ অৱস্থা বৰ্তমান অতি সংকটজনক বুলি জানিব পৰা গৈছে। আহত ব্যক্তি কেইজনৰ ঘৰ কৰ্দৈগুৰিত বুলি জানিব পৰা গৈছে।

Advertisment

সংকটজনক অৱস্থাত যাত্রীসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ট্রাকখনৰ চালক আৰু হেণ্ডিমেন। বৰ্তমান সময়লৈকে পুলিছে দুয়োৰে অনুসন্ধান চলাই আছে যদিও পলাতক অৱস্থাত আছে ট্রাকখনৰ চালক আৰু হেণ্ডিমেন।

উল্লেখ্য যে, নতুন বছৰটি ক্ৰমান্বয়ে ওচৰ চাপি অহাৰ সৈতেই বৃদ্ধি পাইছে ৰাজ্যখনত সংঘটিত দুৰ্ঘটনাৰ সংখ্যা । শীৰ্ষ আৰক্ষী বিষয়া সকলে আগন্তুক নৱবৰ্ষৰ বাবে দুৰ্ঘটনাৰ পৰিমাণ ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি ইতিমধ্যে সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰিছিল যদিও বৰ্ধিত দুৰ্ঘটনাৰ পৰিমাণে এই কথা নাকচ কৰে । আনহাতে, শীতৰ দিন কেইটাত প্ৰচণ্ড কুৱঁলীৰ বাবেও দুৰ্ঘটনাৰ পৰিমাণ বৃদ্ধি পায় যদিও এই ক্ষেত্ৰত সাৱধান হোৱা উচিত চালক সকলো ।

আৰু পঢ়ক : দুৰ্ঘটনাত পতিত হৈছে বৰষা ৰাণী বিষয়া

assam road accident