/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/9b5313dc-4ee4-42e7-a59a-e1b6c5b64199/l7.jpg)
ডিজিটেল ডেস্কঃ বিশ্বৰ সবাটোকৈ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ 'এম ভি গংগা বিলাস' বাংলাদেশৰ পৰা ব্ৰহ্মপুত্ৰৰে আহি শুকুৰবাৰে বিয়লি ধুবুৰীত উপস্থিত হয় ৷ ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গৰ জাহাজঘাটৰ সমীপৰ পৰা জাহাজখনত যাত্ৰা কৰা মুঠ ২৮ গৰাকী বিদেশী পৰ্যটকক এম ভি প্ৰতীমা নামৰ আন এখন সৰু জাহাজেৰে জাহাজ ঘাটলৈ আনে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/6bdb38e2-4d18-410f-a970-fd1ba43c7d51/1461522e_7de1_4b00_97dd_1bfcc37ab7c9.jpg)
তাতে তেওঁলোকক পৰ্যটন আদি বিভাগৰ মন্ত্ৰী তথা ধুবুৰীৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং, ধুবুৰী জিলা উপায়ুক্ত দিবাকৰ নাথ প্ৰমুখ্যে লোকসকলে আদৰণি জনায় ৷ সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় যে অসমৰ বাবে এয়া এক ঐতিহাসিক দিন য'ত ২৮ জন বিদেশী পৰ্যটকে ৰিভাৰ ক্ৰজ অভিজ্ঞতাৰ জৰিয়তে অসমৰ সাংস্কৃতিক আৰু সামাজিক জীৱন প্ৰত্যক্ষ কৰাৰ সুবিধা লাভ কৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/68b846a7-bfa0-473b-bf58-a9450cb53054/e3165e7e_c7b9_4320_b127_083abb3951e2.jpg)
মন্ত্ৰী বৰুৱাই লগতে উল্লেখ কৰে "অসমত নদী পৰ্যটনৰ এক বৃহৎ সম্ভাৱনা আছে কিয়নো ব্ৰহ্মপুত্ৰ নদীয়ে বিভিন্ন বিশিষ্ট পৰ্যটনস্থলী যেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মাজুলী, মা কামাখ্যা মন্দিৰ আদিক সংযোগ কৰে আৰু পৰ্যটকসকলে নদী পৰ্যটনৰ সৈতে অসমৰ সামগ্ৰিক সৌন্দৰ্য্যও চাব পাৰে । তাৰোপৰি ই অসমৰ এক বাবে গৌৰৱৰ মুহূৰ্ত য'ত বিদেশী পৰ্যটকে এই সুন্দৰ দৃশ্যপট প্ৰত্যক্ষ কৰিবলৈ আগবাঢ়ি আহিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/2ba2fecf-78b1-420c-b263-536bbbdcc1b8/486712f5_a496_452e_98c5_5249636c7cdc.jpg)
বিশেষভাৱে উল্লখনীয় যে,ইমিগ্ৰেছন কাউন্টাৰত বিদেশী পৰ্যটকসকলৰ যাৱতীয় নথি পৰীক্ষা কৰা হয় ৷ জাহাজ ঘাটতে স্থাপন কৰা অস্থায়ী মণ্ডপত তেওঁলোকে কোচ ৰাজবংশী লোক নৃত্য, গোৱালপৰীয়া লোকগীত আদি উপভোগ কৰে৷ পৰ্যটকসকলে বিভিন্ন আত্মসহায়ক গোটে প্ৰস্তুত কৰা সামগ্ৰীৰ প্ৰদৰ্শনী আৰু প্ৰাচীন মুদ্ৰাৰ প্ৰদৰ্শনী চাই আপ্লুত হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/69a5a987-aad7-45c1-8bed-f64bbc2a6e26/f0d6ff7f_b479_497c_9f44_ad1afd684667.jpg)
পৰ্যটকসকলক জিলা প্ৰশাসনৰ তৰফৰ পৰা পিঠা-পনাৰে আপ্যায়ন কৰোৱা হয় ৷ ইয়াৰ পিছতে পৰ্যটকৰ দলটো পুনৰ এম ভি প্ৰতীমাত উঠি এম ভি গংগা বিলাসলৈ ৰাওনা হয় ৷ তাতে তেওঁলোকে নিশাটো কটাব ৷ শনিবাৰে পুৱা তেওঁলোক পুনৰ ঘাটলৈ আহি বাছেৰে আশাৰিকান্দি গাঁৱলৈ যাব ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/79d73c35-aae5-4347-812b-3c345ece1b32/23200f35_381d_4ffb_9b12_89dff2cfc479.jpg)
আশাৰিকান্দিত টেৰাকটা শিল্প চোৱাৰ লগতে ইয়াৰ প্ৰস্তুত কৰা প্ৰক্ৰিয়াৰো বুজ লব ৷ তাৰ পিছতে পৰ্যটকৰ দলটোৱে ধুবুৰী টাউনত থকা গুৰুদ্বাৰা টেগ বাহাদুৰ ছাহেবজী আৰু ভিক্টোৰিয়া উদ্যান ভ্ৰমণ কৰিব ৷ দিনৰ প্ৰায় ১০ বজাত পৰ্যটকৰ দলটো এম ভি গংগা বিলাসত উঠি গোৱালপাৰা অভিমুখে ৰাওনা হ'ব ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/45e117f8-d05f-4957-998e-5f65f708c39a/b553e6a3_fe3f_4e78_b937_b390c722d62e.jpg)
উল্লেখ্য যে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা যোৱা ১৩ জানুৱাৰীত যাত্ৰা আৰম্ভ কৰা জাহাজখনে ৩,২০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি অহা ১ মাৰ্চত ডিব্ৰুগড়ত উপস্থিত হ'বগৈ ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/8c2a89d0-5735-4da8-8c10-ad1962e13ac1/d392c058_5469_4c40_b0d3_46b6d27a1bfc.jpg)
আৰু পঢ়কঃ গোলাঘাটত চোৰৰ অতপালি, আৰক্ষীৰ ভূমিকাকলৈ প্ৰশ্ন সচেতন নাগৰিকৰ