/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/eb099a51-6e2f-43e0-9b62-e6b68a102da1/l6.jpg)
ডিজিটেল সংবাদ,গোলাঘাট : এটা বৃহৎ আৰক্ষী বিভাগ থকা সত্বেও এতিয়া গোলাঘাট চহৰ অসামাজিক কাম কাজৰ অভিকেন্দ্ৰ হৈ পৰিছে । চহৰখনৰ বিভিন্ন প্ৰান্তত চোৰকে ধৰি অন্যান্য অসামাজিক কাম কাজ সংঘটিত হ'ব ধৰিছে যদিও এই কাম কাজ বিলাক ৰোধ কৰাত আৰক্ষী বিফল হোৱা দেখা গৈছে বুলি একাংশ সচেতন ৰাইজৰ অভিযোগ।
উল্লেখযোগ্য ১৫ ফেব্ৰুৱাৰীৰ নিশা গোলাঘাট নগৰৰ ক্ৰীড়া সন্থাৰ মাৰ্কেট কম্পেলক্সত থকা এখন মিঠাই দোকান আৰু এখন ফাৰ্মাচীত লুতপাত কৰে চোৰে। দোকান দুখনৰ চাটাৰ মেচিনে কাটি চোৰে চুৰ কৰিলে কেইবা হাজাৰ টকা আৰু সা সামগ্ৰী।
'পূজা' নামৰ মিঠাই দোকানৰ পৰা টকাৰ লগতে মিঠাইসহ বহু বয় বস্তু চুৰি কৰি নিয়ে।উল্লেখ্য এই ব্যৱসায়িক প্ৰতিষ্ঠান দুখনৰ দুৰত্ব গোলাঘাট আৰক্ষী থানাৰ পৰা প্ৰায় ৫০০ মিটাৰ ।
যোৱা কেইটামান দিনৰ আগতে গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ চৌহদত ক্ৰীড়া সন্থাৰ চকিদাৰে পেলনীয়া লোহাৰ চোৰক কৰায়ত্ব কৰি চোৰে দিয়া স্বীকাৰোক্তিত তেওঁলোকে বিক্ৰী কৰা ব্যক্তিৰ নাম উল্লেখ কৰিছিল বুলি সন্থাৰ এক সূত্ৰই প্ৰকাশ কৰিছিল । কিন্তু পিছত আৰক্ষীয়ে সেই ব্যক্তিৰ বিৰূদ্ধে কি ব্যৱস্থা ল'লে সেয়েহে কোনেও দেখা নাপালে।
গোলাঘাট আৰক্ষীৰ সম্পৰ্কত সেয়ে সততে অভিযোগ কৰি কয় যে দিনৰ ভাগত চাইৰেন বজাই ঘুৰি ফুৰা গোলাঘাট আৰক্ষীৰ নিশা অস্তিত্ব পাবলৈ নাই । অন্যহাতে গোলাঘাট নাগৰিক মঞ্চৰ সভাপতি তিলেশ্বৰ তামুলী আৰু সম্পাদক ৱাজিদুৰ ৰহমানে এক প্ৰেছ বিবৃতিত গোলাঘাট নগৰত দিনক দিনে বৃদ্ধি পাই অহা অসামাজিক কাম - কাজ আৰু আৰক্ষীৰ ৰহস্যজনক ভূমিকাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।
শেহতীয়াকৈ গোলাঘাট নগৰৰ বিভিন্ন স্থান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰি কাৰ্য সংঘটিত হৈছে। চোৰক হাতে লোতে ৰাইজে ধৰাৰ পাছতো আৰক্ষীয়ে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে বুলিও বিবৃতিটোত উল্লেখ কৰিছে ।
বিবৃতিটোত গোলাঘাট নাগৰিক মঞ্চৰ সভাপতি আৰু সম্পাদকে নগৰখনত যান - জঁটৰ সমস্যা ,পাৰ্কিংৰ সমস্যা আদিৰ ক্ষেত্রত আৰক্ষী তথা স্থানীয় প্ৰশাসনৰ নিৰ্বিকাৰ ভূমিকাই সচেতন নাগৰিকক হচকিত কৰি তুলিছে বুলি উল্লেখ কৰি কেবাটাও ৱাৰ্ডত পৌৰ সভাৰ দ্বাৰা পথ সম্প্ৰসাৰণ আৰু পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত আৰক্ষীৰ সন্দেহজনক অসহযোগিতাৰ ভূমিকা লোৱাৰ অভিযোগ উঠিছে বুলিও উল্লেখ কৰিছে ।
অনতিপলমে এই ক্ষেত্ৰত উপযুক্ত ব্যবস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসন আৰু ৰাইজৰ সংশ্লিষ্ট প্ৰতিনিধিক গোলাঘাট নাগৰিক মঞ্চৰ সভাপতি আৰু সম্পাদক ৱাজিদুৰ ৰহমানে বিবৃতিটোৰ জৰিয়তে দাবী জনাইছে ।
আৰু পঢ়কঃ বৰদলনি শিশু উন্নয়ন প্ৰকল্পৰ বাল্য বিবাহ বিৰোধী সজাগতা সভা