আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশক প্ৰতিনিধিত্ব কৰিব অসম কন্যাই

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশক প্ৰতিনিধিত্ব কৰিব অসম কন্যাই

ডিজিটেল সংবাদ, জামুগুৰিবহাটঃ চতিয়াৰ এগৰাকী মাত্ৰ ১০ বছৰীয়া কণমানিয়ে শেহতীয়াকৈ ৰাছিয়াৰ মস্কোত ২০২৪ ৰ উশ্বু ষ্টাৰ আন্তঃৰাষ্ট্ৰীয় ছেম্পিয়নশ্বিপত দেশৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হৈছে । চতিয়াৰ সন্তান কণমানি মিংবী বৰফুকনে অহা ২৭ ফেব্ৰুৱাৰীত ভাৰতীয় দলৰ হৈ ৰাওনা হ’ব ৰাছিয়াৰ মস্কোলৈ বুলি৷

“উশ্বু মেছিনাৰী” নামৰে এক তৰ্জা বেৰৰ ঘৰত সামান্যতম সা সুবিধাৰে প্ৰশিক্ষক পদ্ম জায়ৰুৰ তত্ত্বাৱধানত কঠোৰ অনুশীলনত ব্যস্ত কণমানি মিংবী ৷ দিনেৰাতিয়ে কৰিছে অনুশীলন ৷ ২০২৩ বৰ্ষত চীনত অনুষ্ঠিত হোৱা এচিয়ান জুনিয়ৰ উশ্বু ছেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ষষ্ঠ স্থান লাভ কৰিছিল মিংবীয়ে৷

দ্বিতীয়বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰি যথেষ্ট সুখী মিংবী আৰু এটা পদক অৰ্জন কৰাৰো আশাবাদী৷ ৰাছিয়াৰ মস্কোলৈ বুলি নিৰ্বাচিত হোৱা ভাৰতীয় দলৰ কনিষ্ঠতম খেলুৱৈ মিংবী বৰফুকন চতিয়াৰ গেৰেকী গাৱঁৰ ৰবাৰ্ট ফুকন আৰু বৰ্ষা ফুকনৰ জীয়ৰী ৷

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশক প্ৰতিনিধিত্ব কৰিব অসম কন্যাই
জামুগুৰিহাটৰ বগাবিল প্ৰাথমিক বিদ্যালয়ত ৰাইজৰ উৎসৱ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in