জামুগুৰিহাটৰ বগাবিল প্ৰাথমিক বিদ্যালয়ত ৰাইজৰ উৎসৱ

বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে নদুৱাৰ শিক্ষা খণ্ডৰ শিক্ষা বিষয়া প্ৰনৱ কুমাৰ বৰা আৰু মণ্ডল কেন্দ্ৰৰ সমন্বয়ক ৰঞ্জিত বৰাৰ লগতে বহুকেইগকী গণমান্য ব্যক্তিয়ে ৷

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ বগাবিল প্ৰাথমিক বিদ্যালয়ত ৰাইজৰ উৎসৱ

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ বগাবিল প্ৰাথমিক বিদ্যালয়ত সোমবাৰে নদুৱাৰ শিক্ষাখণ্ডৰ অধীনৰ তৌভঙা মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত ৰাইজৰ উৎসৱ পালন কৰা হয়৷এই উপলক্ষে পুৱা অনুষ্ঠানটি শুভ উদ্ধোধন কৰে বগাবিল প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ উপদেষ্টা ভৱানী থাপাই ৷

Advertisment

নবিল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধানশিক্ষক শান্তনু গৌতমৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিৰ আঁতধৰে বগাবিল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধানশিক্ষক হিৰন্য নাথে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত গীত নৃত্য আদি বিভিন্ন প্ৰতিযোগীতা সমুহ পৰিচালনা কৰে শিক্ষক কামিনি বৰুৱা আৰু কল্পনা শিৱাকোটিয়ে ৷ বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে নদুৱাৰ শিক্ষা খণ্ডৰ শিক্ষা বিষয়া প্ৰনৱ কুমাৰ বৰা আৰু মণ্ডল কেন্দ্ৰৰ সমন্বয়ক ৰঞ্জিত বৰাৰ লগতে বহুকেইগকী গণমান্য ব্যক্তিয়ে ৷

Also Read: বোকাজানত চাহ বাগানৰ মাটি বেদখলমুক্ত কৰাৰ দাবীত ওলাই আহিল চাহবাগানৰ শ্ৰমিক

jamugurihaat