চৰাইদেউত বিশ্ব যক্ষ্মা দিৱস পালন

বিগত বৰ্ষত জিলাখনত যক্ষ্মা ৰোগ নিৰ্মূল কৰিবৰ বাবে গ্ৰহণ কৰা উল্লেখযোগ্য অৱদানৰ বাবে মুঠ ১৭ জন স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা জনোৱা হয়
চৰাইদেউত বিশ্ব যক্ষ্মা দিৱস পালন

ডিজিটেল সংবাদ,চৰাইদেউঃ ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে শুকুৰবাৰে চৰাইদেউ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত বিশ্ব যক্ষ্মা দিৱস পালন কৰা হয়। জিলাখনৰ পাটশাকু খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত নাহৰহাবি বাগিচাত এই উপলক্ষে এক অনুষ্ঠানৰ আয়োজন কৰা হয়।

কাৰ্যসূচী অনুসৰি পুৱা যক্ষ্মা ৰোগৰ এক সজাগতা ৰেলী উলিওৱা হয়। ইয়াৰ পিছত এখনি মুকলি সভা অনুষ্ঠিত হয়।

পাটশাকু খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ডি পি এম মাধুৰ্য গগৈয়ে আঁত ধৰা সভাত চৰাইদেউ জিলাৰ চলা যক্ষ্মা নিয়ন্ত্ৰণ বিষয়া ডাঃ কল্পনা বৰুৱা, চিকিৎসক অমৃত ডেকা, অভিষেক চাহা, জ্যেষ্ঠ চিকিৎসা তত্বাৱধায়ক মৃত্যুঞ্জয় দাস আদিয়ে ভাষণ দিয়ে। সভাত বিগত বৰ্ষত জিলাখনত যক্ষ্মা ৰোগ নিৰ্মূল কৰিবৰ বাবে গ্ৰহণ কৰা উল্লেখযোগ্য অৱদানৰ বাবে মুঠ ১৭ জন স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা জনোৱা হয়।

চৰাইদেউত বিশ্ব যক্ষ্মা দিৱস পালন
হাৰমতী ৰে'লৱে জংচনত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in