/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/3c6a9e9c-8f7b-4d4c-bc98-341979c44c0b/AP_WEB_SINTON_Harmoti_Protest.jpg)
ডিজিটেল সংবাদ, বান্দৰদেৱা: লখিমপুৰ জিলাৰ হাৰমতী ৰে'ল জংচনৰ অস্থায়ী শ্ৰমিক সকলৰ প্ৰতিবাদ। পৰ্যাপ্ত পৰিমাণৰ সুবিধাৰ পৰা বঞ্চিত হৈ থকাৰ ফলত প্ৰতিবাদ জংচনটোৰ অস্থায়ী শ্ৰমিকসকলৰ। প্ৰতিবাদৰ ফলত ফলত ৰেক য়াৰ্ডত অচলাৱস্থাৰ সৃষ্টি হয়।
দৈনিক ৰেগ'ৰ পৰা শ শ টন সামগ্ৰী লোডিং আৰু আন লোডিং কৰা শ্ৰমিক সকলক ৰে'ল কতৃপক্ষই বঞ্চিত কৰি আহিছে পৰ্যাপ্ত সুবিধাৰ পৰা। গতিকে হাৰমতী ৰে'ল জংচনত এন এ এছ ডি এন এফ আৰ চি এল ইউ ডব্লিউ ইউয়ে শ্ৰমিকৰ দাবী সমূহ পূৰণৰ বাবে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লয়।
বিশেষকৈ খোৱা পানী, জিৰনী গৃহ, শৌচালয়, প্ৰস্ৰাৱগাৰ, নিশা কৰ্ম্মৰত শ্ৰমিকৰ সুবিধাৰ বাবে পোহৰৰ ব্যৱস্থা, চিকিৎসা আদিৰ সু-ব্যৱস্থা কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীয়ে।
তদুপৰি পূৰ্বৰ ১২ ঘণ্টা কামৰ বিপৰীতে বৰ্তমান ২৪ ঘণ্টা কাম কৰিব লগা হোৱাত ক্ষুব্ধ হৈ পৰিছে শ্ৰমিক সকল। ৰঙিয়া মণ্ডলৰ জেষ্ঠ বানিজ্যিক পৰিচালকক সাতদফীয়া দাবীৰে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে শ্ৰমিক সন্থাই।
Also Read: কংগ্ৰেছৰ বৃহৎ বিফলতা! সাংসদ পদ হেৰুৱালে ৰাহুল গান্ধীয়ে, মোডীক কৈছিল 'চোৰ' বুলি...
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us