/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/e0940480-9dd2-4eb3-bf07-bc7e4e7de6d3/129.jpg)
ডিজিটেল সংবাদ,ৰঙিয়া : বিশ্ব জনসংখ্যা দিৱস উদযাপনৰ লগত সঙ্গতি ৰাখি বৃহস্পতিবাৰে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত পৰিয়াল পৰিকল্পনামূলক সজাগতা সভা অনুষ্ঠিত কৰা হয়। স্বাস্থ্য বিভাগৰ সৌজন্যত ১১ জুলাইৰ পৰা আৰম্ভ হোৱা বিশ্ব জনসংখ্যা দিৱস উপলক্ষে চিকিৎসালয়খনৰ উপ অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্যৰ সঞ্চালনাত অনুষ্ঠিত কৰা হয় মুকলি সভা।
সভাত সমবেত লোকসকলক উদ্দেশ্যী পৰিয়াল পৰিকল্পনাৰ জৰিয়তে কেনেদৰে ক্ৰমবৰ্দ্ধিত জনসংখ্যা নিয়ন্ত্ৰণ কৰিব পাৰি সেই সন্দৰ্ভত বিষদভাৱে অৱগত কৰোৱা হয়। স্বাস্থ্য কৰ্মী অমূল্য বৈশ্যই আঁত ধৰা সভাৰ আৰম্ভণিতে উদ্দেশ্য ব্যাখ্যা কৰে পৰামৰ্শদাতা অনিমা বেগমে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/12581441-7129-446e-9e8b-fac61b60de8a/dd1edf28-e392-4223-959d-6e3c905882df.jpg)
সভাত ডাঃ পদ্মেশ্বৰ কলিতা,ডাঃ ত্ৰৈলোক্য নাথ ,ডঃ গৌৰাঙ্গ মেধী ,ডাঃ অশোক কলিতা আৰু ডাঃ নিলাঞ্জনা দাসৰ লগতে ধাত্ৰী তথা কৰ্মচাৰী বৃন্দই অংশগ্ৰহণ কৰে ।একেখন মঞ্চতে ২০২৩-২০২৪ ইং বৰ্ষত পৰিয়াল পৰিকল্পনা পদ্ধতিসমুহৰ ক্ষেত্ৰত সেৱা আগবঢ়োৱা চিকিৎসক ডাঃ গৌৰাঙ্গ মেধীৰ লগতে প্ৰণীতা তালুকদাৰ আৰু চৈয়দা পাৰবিন চুলতানাক চিকিৎসালয় কৰ্তৃপক্ষৰ ফালৰ পৰা মানপত্ৰ আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
Also Read: নগাঁৱত জাপানীজ এনকেফেলাইটিছত মৃত্যুৰ সংখ্যা ৫গৰাকীলৈ বৃদ্ধি : আক্ৰান্ত ১৭ গৰাকী