/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/51a44d55-07d9-4009-9601-8c959d687d16/asomiyapratidin_import_website_2022_07_japanese-encephalitis.avif)
ডিজিটেল সংবাদ ,নগাঁও : নগাঁও জিলাত অতি জটিল ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছ ৰোগে। এই পৰ্যন্ত জিলাখনত জাপানীজ এনকেফেলাইটিছ ৰোগত ১৭ গৰাকী লোক আৰু জাপানীজসদৃশ ৰোগত ৪৯ জন লোক আক্ৰান্ত হৈছে।
জিলাখনত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পায়েই আছে। আজিও জিলাখনৰ বঢ়মপুৰৰ বেজৰ গাঁৱত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত এগৰাকী ৭৬ বছৰীয়া মহিলাৰ মৃত্যু হয়।
জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা মহিলাগৰাকীৰ নাম মাধবী বেজবৰুৱা। বিগত এসপ্তাহ ধৰি তেওঁ গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত চিকিৎসাধীন হৈ আছিল যদিও দুদিনমান পূৰ্বে মহিলাগৰাকীক ঘৰলৈ উভতাই অনা হৈছিল ।
অৱশেষত বৃহস্পতিবাৰে নিজ বাসগৃহতে আক্ৰান্ত মহিলাগৰাকীৰ মৃত্যু হয়। ইয়াকে লৈ জিলাখনত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫গৰাকীলৈ বৃদ্ধি পায়। ইপিনে , জাপানীজ এনকেফেলাইটিছ ৰোগৰ সামান্তৰালভাৱে জিলাখনত মেলেৰিয়া আৰু ডেংগু ৰোগত আক্ৰান্ত লোকৰ সংখ্যাও বৃদ্ধি হৈ আছে।
Also Read: ভাৰত-ম্যানমাৰ সীমাত বোমা বিস্ফোৰণ : এজন নিহত