/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/f4f54c17-9cb7-4ef1-a21d-e4daccdc549f/a.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ভাৰত বতৰ বিজ্ঞান বিভাগৰ গ্রামীণ কৃষি মৌচম সেৱাৰ উদ্যোগত অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মাণ্ডলিক গৱেষণা কেন্দ্র, চিলঙণী, নগাওঁ কেন্দ্রৰ সৌজন্যত বৃহস্পতিবাৰে ‘বিশ্ব বতৰ দিৱস’ উদযাপন কৰাৰ লগতে ‘কৃষি বতৰ পৰামর্শাৱলী’ র্শীষক এখনি সজাগতা সভা অনুষ্ঠিত হয়। অনুষ্ঠানত সভাপতিত্ব কৰে কেন্দ্ৰটিৰ ভাৰপ্রাপ্ত মূখ্য বিজ্ঞানী ড০ কল্যাণ কুমাৰ শর্মাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/acdbcc56-6a36-4c3c-95ef-ea01489566af/cf822027_beeb_4880_b6f2_a978bd2cc524.jpg)
সভাত গৱেষণা কেন্দ্রটোৰ প্রধান বিজ্ঞানী ড০ দিনেশ হাজৰিকা, ড০ পংকজ কুমাৰ দেৱ চৌধুৰী, ড০ পবিত্র কুমাৰ বৰদলৈ, জ্যেষ্ঠ বিজ্ঞানী ড০ হিৰণ্য কুমাৰ দেৱ নাথ, বতৰ বিজ্ঞানী নৱজ্যোতি ডেকা, ড০ গৌতমী কটকী আৰু অসম কৃষি বিশ্ববিদ্যালয়-উদ্যান গৱেষণা কেন্দ্রৰ প্রধান বিজ্ঞানী ড০ প্রমোদ চন্দ্র ডেকা, নাজিফ হাজৰিকা প্রমুখ্যে নগাওঁ জিলাৰ ৫ টা কৃষক উৎপাদক সংস্থাৰ প্রায় ৬০ গৰাকী সদস্য-সদস্যা উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/9fa96546-70a6-4927-8089-3a3da4e3597b/610640de_e291_4bf4_aeb2_a1961932feac.jpg)
গৱেষণা কেন্দ্রৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানটিত প্রধান বিজ্ঞানী ড০ দিনেশ হাজৰিকাই বতৰ, জলবায়ু আৰু পানীৰ লগত সংগতি ৰাখি বিশ্ব বতৰ দিৱসৰ আজিৰ দিনটোৰ তাৎপৰ্য বিষদভাৱে বৰ্ণনা কৰে। বতৰ বিজ্ঞানী নৱজ্যোতি ডেকাই গ্রামীণ কৃষি মৌচম সেৱাৰ দ্বাৰা প্রচাৰিত কৃষি বতৰ পৰামর্শাৱলী সেৱা সমুহৰ জৰিয়তে কৃষকসকল কিদৰে উপকৃত হ'ব তাৰ বিষদ বিৱৰণ আগবঢ়ায়।
ইয়াৰোপৰি নৱজ্যোতি ডেকাই মোবাইল সেৱাৰ জৰিয়তে বতৰৰ পূৰ্বানুমানসমূহ লাভ কৰিবলৈ গ্রামীণ কৃষি মৌচম সেৱাত নিজৰ নিজৰ নাম পঞ্জীয়ণ কৰিব লৈ আহ্বান জনায়।
Also Read: হাফলঙত জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছনৰ ওপৰত পৰ্যালোচনা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us