/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/be9af22d-badb-4fcf-b832-06842a49ca1d/jayanta_da.jpg)
ডিজিটেল সংবাদ, হাফলং : ডিমা হাচাও জিলাত জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত অভিযানৰ অগ্ৰগতি সুচাৰুৰূপে সুনিশ্চিত কৰাৰ ক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বৃহস্পতিবাৰে হাফলঙৰ উপায়ুক্তৰ কাৰ্যালয়ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয়। সভাত মন্ত্ৰীগৰাকীয়ে ডি পি আৰ, প্ৰশাসনিক অনুমোদন, চলি থকা আঁচনিৰ সৰ্বমুঠ সংখ্যা, সম্পূৰ্ণ হোৱা আৰু পানী ব্যৱহাৰকাৰী সমিতিৰ হাতত অৰ্পণ কৰা কাম আদিৰ ক্ষেত্ৰত জল জীৱন মিছনৰ অগ্ৰগতিৰ বুজ লয় আৰু বিষয়াসকলক সময় নিৰ্ধাৰিত পদ্ধতিৰে কাম সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/1b7d4f69-9703-45bd-97a4-751aff69086f/f031a875_46ee_43b2_addf_07468760fd5f.jpg)
ডিমা হাচাও জিলাত বানপানীৰ প্ৰৱণতা আৰু জিলাখনে সন্মুখীন হোৱা তীব্ৰ পানীৰ সংকটৰ ওপৰত লক্ষ্য ৰাখি তেওঁ জিলাখনৰ প্ৰতিখন ঘৰতে বিশুদ্ধ খোৱাপানীৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰাত বিশেষ গুৰুত্ব আৰোপ কৰে। ইয়াৰোপৰি তেওঁ চলি থকা স্বচ্ছ ভাৰত অভিযানৰ ওপৰতো গুৰুত্ব আৰোপ কৰি আই এইচ এইচ এল(IHHL), ODF Plus আৰু গোবৰ্ধন আঁচনিৰ বৰ্তমানৰ অৱস্থাৰ পৰ্যালোচনা কৰে।
সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰী বৰুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জনায় আৰু ডিমা হাছাওত জে জে এমৰ বাবে প্ৰথম অৱস্থাত ২৫০ কোটি টকাৰ পৰা বৃদ্ধি কৰি অতিৰিক্ত ৬০০ কোটিতকৈ অধিক টকাৰ অনুমোদন দিয়াৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। মন্ত্ৰী বৰুৱাই লগতে কয় যে ৮৫০ কোটিতকৈ অধিক বাজেটৰ সৈতে ডিমা হাচাও জিলাত জে জে এমৰ অন্তৰ্গত কামসমূহে অনাগত দিনত আৰু অধিক গতিশীলতা লাভ কৰিব ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/19b7d4f5-a50a-4e27-9106-e3a345d80087/8657a6ad_37e5_4882_ab20_eb5947c0477f.jpg)
তেওঁ লগতে আশা প্রকাশ কৰি ডিমা হাছাওৰ প্রতিখন ঘৰেতেই নল সংযোগৰ জৰিয়তে বিশুদ্ধ খোৱাপানীৰ সুবিধা অতি সোনকালে লাভ কৰিব বুলি উল্লেখ কৰে ৷ উল্লেখযোগ্য যে, মন্ত্ৰী বৰুৱাই জিলাখনৰ জে জে এম কামত নিয়োজিত ঠিকাদাৰসকলকৰ লগতো এক আলোচনাত মিলিত হয় আৰু তেওঁলোকক আবণ্টিত কামৰ অগ্ৰগতিৰ বিষয়ে সোধা-পোছা কৰি নিৰ্দিষ্ট সময়ত তেওঁলোকৰ নিজ নিজ কামসমূহ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/ec6f027f-2b20-4479-b97d-3d702b858ebb/e9608f4a_8f43_4068_8653_128e367d3808.jpg)
আলোচনাত মুখ্য কার্যবাহী সদস্য শ্রী দেৱলাল গার্লোছা ডাঙৰীয়া, NCHAC - ৰ মুখ্য সচিব, JJM -ৰ মিছন ডাইৰেক্টৰ , ডিমা হাচাওৰ উপায়ুক্ত , জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তাসকল তথা অন্যান্য জ্যেষ্ঠ বিষয়াবর্গ উপস্থিত থাকে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/72ef544f-da1f-4bf1-b515-4e8231d6277e/5f14f655_0428_4950_9b64_94fb3fe3dd14.jpg)