/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/1eb04988-f592-418c-b900-44108f37473a/tree.jpg)
ডিজিটেল সংবাদ, মৈৰাকুছিঃ অসমৰ আগশাৰীৰ পশুকল্যাণ অনুষ্ঠান জেবিএফৰ দ্বাৰা মৈৰাকুছিস্থিত জিৰাওত সোমবাৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন হৈ যায়। জনসাধাৰণক পৰিৱেশ সম্পৰ্কে সজাগ কৰাৰ লগতে পৰিৱেশৰ প্ৰতি দায়িত্বশীল কৰাৰ লক্ষ্যৰে বহুকেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/ffcccf57-9bc7-41f9-aa98-a28079b3c75f/child.jpg)
পুৱা ১০ বজাত জিৰাও প্ৰাঙ্গনত বৃক্ষৰোপন কাৰ্যসূচী গ্ৰহণ কৰা হয়। মৈৰাকুছি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰীৰ অংশগ্রহণেৰে এই বৃক্ষৰোপন কাৰ্যসূচী অধিক সাফল্যমণ্ডিত কৰি তোলে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশৰ প্ৰতি সজাগ আৰু দায়িত্বশীল কৰি তুলিবলৈ তেওঁলোকৰ মাজত গছপুলি বিতৰণ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/ceef36b6-0391-4f5c-bd6e-17002e10ee22/6ea9bd03_1168_4557_92c7_4b20cb09f101.jpg)
উল্লেখযোগ্য যে, ছাত্র-ছাত্ৰীসকলক প্ৰদান কৰা পুলিসমূহৰ তদাৰক কৰিবলৈ জিৰাওৰ এটা বিশেষ দলে দায়িত্ব লয় । যিয়ে প্রত্যেক মাহৰ ৫ তাৰিখে পুলিসমূহ চোৱা-চিতা কৰাৰ লগতে যাৱতীয় ব্যৱস্থা ল'ব বুলিও জানিবলৈ দিয়ে। পৰিৱেশ সম্পৰ্কীয় বিভিন্ন সমস্যাসমূহৰ বিষয়ে সৰল আৰু চিত্ৰীয় অৱলোকন ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দাঙি ধৰা হয় । লগতে এই সমস্যাসমূহ সমাধানৰ সম্পৰ্কত ছাত্ৰ-ছাত্ৰীৰ কৰণীয়সমূহ আলোচনা কৰা হয়। ইয়াৰোপৰি ছাত্ৰ- ছাত্রীসকলক প্লাষ্টিক প্ৰদূষণ সম্পৰ্কে সজাগ কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/e4fd1bae-cfd0-45ab-a167-2faa5c88bc4a/b23377de_491e_4abd_9e8d_cbb3989b886b.jpg)
Also Read: তাচপাতৰ দৰে খহি পৰিল ১৭০০ কোটি টকীয়া দলং, সন্ধানহীন গাৰ্ড...